NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অধ্যয়ন কৰিব লাগিব গণিত আৰু বিজ্ঞান বিষয়ঃ শিক্ষামন্ত্ৰী

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ July 29, 2022 3:54 pm

শিৱসাগৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ চৌহদত কেন্দ্ৰটো উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে।

অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তৰ সন্দৰ্ভতো বক্তব্য প্ৰকাশ কৰে।

কেবিনেটে লোৱা সিদ্ধান্তই কোনো ক্ষতি নকৰে অসমীয়া ভাষা বা মাধ্যমৰ । এই মন্তব্য মন্ত্ৰী গৰাকীৰ।‌ মাধ্যমিকত ৬ টা বিষয়ৰ সলনি ৭ টা বিষয় অধ্যয়ন কৰিব লাগিব ছাত্ৰছাত্ৰীয়ে।

কিন্তু মেট্ৰিক পৰীক্ষাত ৫ টা বিষয়হে দিব লাগিব। দুটা ইলেক্টিভ বিষয় হিচাপে বিবেচনা কৰা হব । তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত অধ্যয়ন কৰিব লাগিব ছাত্ৰছাত্ৰীয়ে।

শিক্ষামন্ত্ৰী পেগুৱে কয় ’৯ টা মাধ্যমৰ বিদ্যালয় আমি অসমত পৰিচালনা কৰি আছো ।তাৰ ভিতৰত ইংৰাজী মাধ্যমো আছে। এয়া কোনো নতুন কথা নহয় । কিন্তু এতিয়া আমি প্ৰতিখন জিলাত ইংৰাজী ভাষাত পাঠদান কৰিব পৰা কৈ বিদ্যালয় সংখ্যা বৃদ্ধি কৰিম । ৫ ৰ পৰা ১০ খন বিদ্যালয়ত এই ব্যৱস্থা কৰা হব’।

উল্লেখযোগ্য যে কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।