NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হল সদৌ অসম শিশু নাট সমাৰোহ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ July 29, 2022 6:32 pm

শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হল সদৌ অসম শিশু নাট সমাৰোহ।

শিৱসাগৰৰ যুৱদ’লত ৰামধেনু যুগৰ কবি বেণু চিৰিঙৰ সোঁৱৰণীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই শিশু নাট সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৭ টা শিশু নাট্য দলে অংশগ্ৰহণ কৰে।

পুৱা পতাকা উত্তোলন, স্মৃতিতৰ্পন আৰু মুখ্য তোৰণ উন্মোচনৰ পিছতেই আৰম্ভ হয় শিশু নাট প্ৰতিযোগিতাৰ।

শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত একাদশ সংখ্যক শিশু নাট সমাৰোহত সৰ্বমুঠ এক লাখ টকাৰ প্ৰাইজমাণি প্ৰদান কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

আনহাতে এই শিশু নাট সমাৰোহতে অসমৰ বিশিষ্ট সংগীত শিল্পী ৰানস ৰবিনক এই বৰ্ষৰ সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা প্ৰদান কৰা হব।

আনহাতে নলবাৰীৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক শতদল বৈশ্যক অসম নাট্যজ্যোতি ২০২২ বঁটা আৰু বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক জিংকু বৰুৱাক অসম নাট্য অৰুণোদয় ২০২২ বঁটা প্ৰদান কৰা হব।

ইয়াৰোপৰি নাট্যকৰ্মৰ লগত জড়িত শিৱসাগৰৰ ২০ গৰাকী ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে।