NORTHEAST NOW (Assamese)
Popular Stories

অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী August 4, 2022 8:54 pm

অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ছবি খনিৰ মুক্তিৰ দিন আনুষ্ঠানিকভাবে ঘোষণা কৰে ‘জনকনন্দিনী’ৰ প্ৰযোজকগোষ্ঠীয়ে।

“নিজি প্ৰডাকচন”ৰ বেনাৰত নির্মিত বহুপ্রত্যাশিত অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’ অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব।

ৰিংকু দাসে প্রযোজনা কৰা ছবিখনিৰ পৰিচালক কুঞ্জলতা গগৈ দাস। মুখ্য সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ।

অসমৰ লোককৃষ্টি তথা সংস্কৃতিক একপ্ৰকাৰে বেপাৰলৈ পৰিণত কৰি কেনেদৰে একাংশ লোকে সাতামপুৰুষীয়া কলা-সংস্কৃতিক বিকৃত কৰিছে তাৰেই আলমত নিৰ্মাণ কৰা হৈছে ‘জনকনন্দিনী’।

কুঞ্জলতা গগৈ দাসৰ পৰিকল্পনা আৰু কাহিনীৰ আলমত ছবিখনিৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে বিষ্ণুজ্যোতি সন্দিকৈ, অৰিন্দম কাশ্যপ আৰু অমিতাভ বৰাই। সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ। সংগীত ব্যৱস্থাপনা অনুপ শৰ্মাৰ। নৃত্যপ্ৰধান ছবিখনিৰ নৃত্য পৰিচালক নৃত্যাচাৰ্য পদ্মশ্রী বঁটাপ্রাপ্ত যতীন গোস্বামী।

সাজসজ্জা কুঞ্জলতা গগৈ দাসৰ৷ ৰূপসজ্জা ভূমিকা তালুকদাৰৰ। মূলতঃ মাজুলী আৰু গুৱাহাটীৰ আশে-পাশে দৃশ্যগ্ৰহণ কৰা ‘জনকনন্দিনী’ৰ চিনেমাট’গ্ৰাফাৰ পাপু ডেকা।

সঞ্জীৱ তালুকদাৰে সম্পাদনা কৰা ছবিখনিৰ ডি আই কালাৰিষ্ট মূম্বাইৰ সুজিত বৰা। ভিএফএক্স কৰিছে ধর্মেন্দ্ৰ দাসে। মিক্স এণ্ড মাষ্টাৰ কৰিছে মুম্বাইৰ জ্যোতি চেতিয়াই।

অপূর্বজ্যোতি ভূঞা, প্ৰতিমা দাসে ৰচনা কৰা ‘জনকনন্দিনী’ৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ মহন্ত, জুবলী বৰুৱা, মধুস্মিতা ভট্টাচাৰ্য আৰু সত্যসন্ধ্যাই।

ছবিখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে— গুঞ্জন ভৰদ্বাজ, নন্দিনী কাশ্যপ, অৰুণ নাথ, মাধুৰিমা চৌধুৰী, ৰূপম বৰুৱা, ৰঞ্জীৱলাল বৰুৱা, সীমাশ্ৰী বৰা, পংকজ পূজাৰী (সদ্যপ্রয়াত), অপর্ণা দত্ত চৌধুৰী, নীলাক্ষী শইকীয়া, মুন বৰকটকী, বৰিশ দত্ত, গৌৰাং বৰদলৈ, গৌতম বৰুৱা, ৰঞ্জিত ভূঞা আদিয়ে।