NORTHEAST NOW (Assamese)
দেশ

বিজেপি-আৰ এছ এছক কটাক্ষ ৰাহুল গান্ধীৰ: ৫২ বছৰে ত্ৰিৰংগা উত্তোলন নকৰাসকলে এতিয়া হৰ ঘৰ ত্ৰিৰংগা অভিযান চলাইছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 4, 2022 9:58 pm
Rahul Gandhi Har Ghar Tiranga

‘যিসকলে যোৱা ৫২ বছৰে ত্ৰিৰংগা উত্তোলন কৰা নাই, তেওঁলোকে এতিয়া হৰ ঘৰ ত্ৰিৰংগা অভিযান চলাইছে’! দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান সন্দৰ্ভত এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

শাসনাধিষ্ঠ বিজেপি দল তথা আৰ এছ এছক কটাক্ষ কৰিয়েই এই মন্তব্য কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে।

দেশবাসীক দেশপ্ৰেমৰ পাঠ শিকোৱা বিজেপি আৰু আৰ এছ এছ- ক আক্ৰমণ কৰি গান্ধীয়ে কয়, “ইতিহাস সাক্ষী আছে, যিসকলে এতিয়া ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযান চলাই আছে, তেওঁলোক ৫২ বছৰ ধৰি ত্ৰিৰংগা উত্তোলন নকৰা এটা সংগঠনৰ পৰা আহিছে।”

বুধবাৰে কৰ্ণাটকৰ হুবলি জিলাৰ খাদী ভিলেজ ইণ্ডাষ্ট্ৰিজ ভ্ৰমণৰ সময়ত গান্ধীয়ে কয় যে লাখ লাখ দেশবাসীয়ে ত্ৰিৰংগাক সদায় উচ্চ কৰি ৰাখিবলৈ নিজৰ জীৱন উচৰ্গা কৰিছিল।

“কিন্তু এটা সংগঠনে সদায়ে ত্ৰিৰংগা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি অহাৰ লগতে নিৰন্তৰ ত্ৰিৰংগাক অপমানিত কৰি আহিছে। ৫২ বছৰ ধৰি নাগপুৰত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত ত্ৰিৰংগা উত্তোলন কৰা নাই” বুলি আৰ এছ এছক মুকলি কটাক্ষ কৰে গান্ধীয়ে।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে বিজেপি চৰকাৰে নতুন নীতিৰ জৰিয়তে যন্ত্ৰ-নিৰ্মিত, পলিয়েষ্টাৰ পতাকা আমদানিৰ অনুমতি দি দেশৰ খাদী উদ্যোগৰ সৈতে জড়িত লোকসকলৰ জীৱিকা ধ্বংস কৰা বুলিও অভিযোগ তুলিছে।