NORTHEAST NOW (Assamese)
অসম

CM Vigilance Team Raid: বড়োলেণ্ড বিশ্ববিদ্যালয়ত চিএম ভিজিলেন্সৰ দল; জব্দ ছটাকৈ গুৰুত্বপূৰ্ণ ফাইল

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ August 5, 2022 7:02 am

CM Vigilance Team Raid সময়ে সময়ে বিভিন্ন বিতৰ্কৰ বাবে সংবাদ শিৰোনাম দখল কৰা বিটিআৰ তথা নামনি অসমৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী গোটে (চিএম ভিজিলেন্স টীম)আকস্মিক অভিযান চলাই ছয়টাকৈ গুৰুত্বপূ্ৰ্ণ ফাইল জব্দ কৰে৷

এই সন্দৰ্ভত বড়োলেন্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ সুবুং বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে চিএমভিজিলেন্স টীমে এগৰাকী পিএইচডি শিক্ষাৰ্থীৰ নথি-পত্ৰৰ ফাইলো জব্দ কৰি নিয়ে৷

অৱশ্যে কি কাৰণত ফাইলবোৰ জব্দ কৰি নিয়া হৈছে সেয়া স্পষ্ট হোৱা নাই বুলিও বসুমতাৰীয়ে কয়৷

লগতে পঢ়ক: পুনৰ টকাৰ উজান! চৰকাৰী কৰ্মচাৰীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন

জানিব পাৰামতে ২০১৯ চনত নিবিদা আহ্বান নকৰাকৈ বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত এগৰাকী ঠিকাদাৰে শিশু উদ্যান, বজাৰ গৃহ আৰু নলা-নৰ্দমা নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল৷