NORTHEAST NOW (Assamese)
অসম

Brittney Griner: আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ ব্ৰিটনি গ্ৰিনাৰক ৯ বছৰৰ কাৰাদণ্ড বিহিলে ৰাছিয়াৰ আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 5, 2022 8:03 am

Russian court sentences US basketball star Brittney Griner ৰাছিয়াত গ্ৰেপ্তাৰ হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাস্কেটবল খেলুৱৈ ব্ৰিটনি গ্ৰিনাৰক আদালতে ৯ বছৰৰ কাৰাদণ্ড বিহিছে। তেওঁক লগতে ১০ লাখ ৰুবল (প্ৰায় ১৪ কোটি টকা) জৰিমনাও কৰা হৈছে।

ব্ৰিটনি গ্ৰিনাৰক যোৱা ১৭ ফেব্ৰুৱাৰীত মস্কোৰ শ্বেৰেমিটিভো বিমানবন্দৰত আটক কৰা হৈছিল। ৰাছিয়ান কৰ্তৃপক্ষই জনাইছিল যে তেওঁৰ লাগেজত মাৰিজুয়ানা তেল পোৱা গৈছিল।

আদালতলৈ যোৱাৰ সময়ত ব্ৰিটনি গ্ৰিনাৰ।

ৰাছিয়াৰ এখন আদালতে বৃহস্পতিবাৰে দীঘলীয়া বিচাৰৰ পিছত তেওঁক ৯ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

ব্ৰিটনি গ্ৰিনাৰ এগৰাকী সফল মহিলা বাস্কেটবল খেলুৱৈ। দুবাৰৰ অলিম্পিক চেম্পিয়নগৰাকীয়ে ছিজনৰ বাহিৰৰ সময়ছোৱাত ৰাছিয়াৰ হৈ খেলে।

লগতে পঢ়ক: China fires missiles near Taiwan: যুদ্ধৰ দামামা! টাইৱানৰ জলসীমাত ক্ষেপণাস্ত্ৰ নিক্ষেপ চীনৰ

ৰাছিয়াৰ জিম্মাত বন্দী হৈ থকাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাস্কেটবল তাৰকা ব্ৰিটনি গ্ৰিনাৰে শেহতীয়াকৈ ৰাষ্ট্ৰপতি জো বিডেনলৈ সহায় বিচাৰি পত্ৰ দিছিল। আমেৰিকাই তেতিয়া ৰাছিয়াৰ সৈতে বন্দী প্ৰত্যৰ্পণৰ প্ৰস্তাৱ দিছিল।