NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন আলফা নেত্ৰী বেবী মৰাণৰ চিকিৎসাৰ দ্বায়িত্ব ল’লে নাজিৰা হিউমেন ৱেলফেয়াৰ ছ’চাইটিয়ে

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 20, 2017 9:24 am
প্ৰাক্তন আলফা নেত্ৰী বেবী মৰাণৰ চিকিৎসাৰ দ্বায়িত্ব ল’লে নাজিৰা হিউমেন ৱেলফেয়াৰ ছ’চাইটিয়ে

এসময়ৰ বিপ্লবী কণ্ঠৰ অধিকাৰী বেবী মৰাণ বৰ্তমান মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলা। আজি আলফা নেতা জিতেন দত্তৰ সহযোগত নাজিৰা হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ এটি দল উপস্থিত হয় বেবী মৰাণৰ বাসগৃহত। মোহনবাৰী তিতাডিমৰু গাঁৱৰ জীয়ৰী বেবীয়ে ‘জয় আই অসম’ ধ্বনিৰে মুখৰিত কৰি তুলিছিল অসমৰ আকাশ-বতাহ। বৰ্তমান সময়ত বেবীয়ে মানসিক ভাৰসাম্য হেৰুৱাইছে যদিও পাহৰা নাই ‘জয় আই অসম’ ধ্বনি। ভূটানত সেনাৰ অলক্লিয়াৰ অপাৰেইশ্যনত সেনাৰ হাতত বন্দী হৈ শাৰিৰীক-মানসিক নিৰ্যাতনৰ বলি হৈ মানসিক ভাৰসাম্য হেৰুওৱা বেবীয়ে বৰ্তমানো ভুনভুনাই থাকে বিপ্লৱী শ্ল’গান। আজি নাজিৰাৰ হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ মানসিক চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়া হ’ব বেবী মৰাণক। ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত বেবীৰ কাহিনী প্ৰচাৰৰ পিছতে তৎপৰ হৈ পৰা দেখা গ’ল আলফা নেতা জিতেন দত্তৰ লগতে বহু জাতীয়তাবাদী দল সংগঠনৰ নেতাক।