NORTHEAST NOW (Assamese)
অসম

উৎকোচলৈ হাতে-লোটে ধৰা পৰিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° গুৰুপ্ৰসাদ খাটনিয়াৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী August 6, 2022 4:09 pm

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° গুৰুপ্ৰসাদ খাটনিয়াৰক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ পঞ্জীয়ক গৰাকীক।

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত আৰক্ষীৰ এক বৃহৎ দল উপস্থিত হৈ অভিযান চলায়।

অভিযান কালতে ঘোচ লৈ থকা অৱস্থাত হাতে লোটে ধৰা পেলায় দুৰ্নীতি নিবাৰক শাখাই। তাৰ পাছত তেওঁক লৈ অনা হয় গুৱাহাটীৰ বাসগৃহলৈ।

বৰ্তমানেও পঞ্জীয়ক গৰাকীৰ চান্দমাৰীৰ কৃষ্ণ নগৰস্থিত চাংপো এপপাৰ্টমেন্টত থকা বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলি আছে।

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা পঞ্জীয়ক খাটনিয়াৰক লৈ যোৱা হৈছে দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়লৈ।