NORTHEAST NOW (Assamese)
অসম

উত্তৰকাশীৰ নিৰ্মীয়মান সুৰংগৰ ভিতৰত ২৪ ঘন্টা ধৰি আৱদ্ধ ৪০ৰো অধিক শ্ৰমিক; উদ্ধাৰ অভিষান অব্যাহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2023 12:13 pm

২৪ ঘন্টা পাৰ হৈ গ’ল যদিও উত্তৰকাশীত নিৰ্মীয়মান সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক উলিয়াই অনাৰ বাবে উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে। উত্তৰাখণ্ডৰ ছিলকিয়াৰাত নিৰ্মাণাধীন সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ পৰা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান তীব্ৰ কৰি তোলা হৈছে।

বাতৰি অনুসৰি, শ্ৰমিকসকলৰ সৈতে ৱাকি-টকিৰ জৰিয়তে কথা পতা হৈছে। নিয়ন্ত্ৰণ কক্ষৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আৱদ্ধ শ্ৰমিকসকলৰ সৈতে ৱাকি-টকিৰ জৰিয়তে যোগাযোগ কৰা হয় আৰু সকলো নিৰাপদে আছে বুলি কোৱা হৈছে। উদ্ধাৰকাৰী দলে শ্ৰমিকসকললৈ পাইপেৰে খাদ্য যোগান ধৰিছে।

দেওবাৰ অৰ্থাৎ দীপাৱলীৰ দিনা উত্তৰকাশী যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণাধীন সুৰংগটোৰ ভিতৰত ভূমিস্খলনৰ ফলত সুৰংগটোৰ এটা অংশ ভাঙি দুৰ্ঘটনা ঘটে। তথ্য লাভ কৰা মতে ইয়াত ৪০-৪৫ জন শ্ৰমিক আবদ্ধ হৈ আছে।

লগতে পঢ়কঃ আতচবাজীৰ শব্দ সহ্য কৰিব নোৱাৰে চৰাইয়ে; নীৰৱে দীপাৱলী পালন কৰিছে ৭খন গাঁৱৰ বাসিন্দাই

বৰ্তমান যুদ্ধকালীন অভিযানৰ অংশ হিচাপে উত্তৰকাশী-যমুনোত্ৰী পথত অৱস্থিত ছিলকিয়াৰা সুৰংগত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। ছিলকিয়াৰা নিয়ন্ত্ৰণ কক্ষই জনোৱা মতে, সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ সৈতে ৱাকি-টকিৰ জৰিয়তে যোগাযোগ কৰি সকলো সুৰক্ষিত থকাটো নিশ্চিত কৰিছে।

আৱদ্ধ শ্ৰমিকলৈ পাইপেৰে খাদ্য যোগান ধৰা হৈছে। শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম অব্যাহত আছে। ধ্বংসাৱশেষ আঁতৰাবলৈ কেইবাখনো জেচিবি অনা হৈছে। পাইপলাইনৰ জৰিয়তে সুৰংগটোলৈ অক্সিজেনৰ যোগান অব্যাহত আছে।

এডিজি এপি অংশুমানে জনায়, ‘এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। এছডিআৰএফ আৰু অন্যান্য উদ্ধাৰকাৰী দলৰ সদস্যসকলে যুদ্ধকালীন অভিযানত উদ্ধাৰ অভিযান চলাই আছে। পৰ্যাপ্ত আৰক্ষী বাহিনীও নিয়োগ কৰা হৈছে।‘

লগতে পঢ়কঃকোহলিৰ বিৰাট ৰেকৰ্ডৰ মাজতে উজলিছে ৰোহিত; গঢ়িলে এবছৰত সৰ্বাধিক ছয় মৰাৰ অভিলেখ

অলৱেদাৰ ৰোড প্ৰকল্পৰ অধীনত নিৰ্মিত এই সুৰংগটোৰ দৈৰ্ঘ্য সাড়ে চাৰি কিলোমিটাৰ হ’ব, ইয়াৰে চাৰি কিলোমিটাৰ সম্পূৰ্ণ হৈছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সুৰংগটো সম্পূৰ্ণ কৰাৰ লক্ষ্য আছিল যদিও সময়মতে সম্পূৰ্ণ নোহোৱাত ২০২৪ চনৰ মাৰ্চ মাহত সুৰংগটো সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।