NORTHEAST NOW (Assamese)
Popular Stories

কোহলিৰ বিৰাট ৰেকৰ্ডৰ মাজতে উজলিছে ৰোহিত; গঢ়িলে এবছৰত সৰ্বাধিক ছয় মৰাৰ অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2023 11:27 am

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই অতি দুৰ্দান্ত ফৰ্মত আছে। চলিত এদিনীয়া বিশ্বকাপতো তেওঁ সেই ফৰ্ম বজাই ৰাখিছে। এপিনে বিৰাট কোহলিয়ে ৰেকৰ্ডৰ পিছত ৰেকৰ্ড গঢ়াৰ সমান্তৰালভাৱে ৰোহিতেও গঢ়িছে আন কিছু ৰেকৰ্ড।

বিশ্বকাপৰ প্ৰাৰম্ভিক পৰ্যায়ৰ অন্তিমখন মেচত ৰোহিত শৰ্মাই কলিন একাৰমেনে দিয়া বলটো লং অনেৰে তুলি দি গেলেৰীত পেলায়। তাতেই  দুটা ডাঙৰ অভিলেখত নিজৰ নাম লিখিলে ভাৰতীয় অধিনায়কগৰাকীয়ে।

দেওবাৰে বেংগালুৰুত অনুষ্ঠিত বিশ্বকাপৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ অন্তিম মেচত ভাৰতে নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিছিল। টছত জয়ী হৈ বেটিং কৰিবলৈ নামি ৰোহিতে আৰম্ভণিৰে পৰাই বিস্ফোৰক হৈ পৰে। সপ্তম অভাৰত একাৰমেনক মৰা ছয়টোৱে তেওঁৰ নামত দুটাকৈ অভিলেখ ৰচিলে।

ইমানদিন সৰ্বাধিক ছয় মৰাৰ অভিলেখটো আছিল এ বি ডি ভিলিয়াৰ্ছৰ দখলত। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেনগৰাকীয়ে ২০১৫ চনত ১৮ ইনিংছত ৫৮টা ছয় মাৰিছিল। নেদাৰলেণ্ডৰ বিৰুদ্ধে ৬১ ৰানৰ ইনিংছটোত ৰোহিতে তেওঁক অতিক্ৰম কৰে। এই সোঁহতীয় বেটছমেনগৰাকীয়ে ৫৪ বলৰ ইনিংছত ৮টা চাৰি আৰু দুটা ছয় মাৰে।

অৱশ্যে ৰোহিতে প্ৰথমটো ছয় মাৰিয়েই ডি ভিলিয়াৰ্ছক অতিক্ৰম কৰে। ইনিংছৰ সপ্তম অভাৰত তেওঁ কলিন একাৰমেনক লং অনত ছয় মাৰে। দ্বিতীয় ছয়টো আন এজন স্পিনাৰ ৰলফ ভন ডেৰ মেৰৱেৰ বলিঙত মাৰে। এইদৰে চলিত বছৰত এদিনীয়া মেচৰ ২৪ টা ইনিংছত ৬০টা ছয় মাৰে ৰোহিতে। তেওঁৰ এই অভিলেখ অধিক বৃদ্ধি কৰাৰ সুযোগ আছে। কাৰণ ভাৰতৰ এই বছৰ আৰু পাঁচখন এদিনীয়া (যদি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে) আছে।

এখন বিশ্বকাপত সৰ্বাধিক ছয়ৰ অভিলেখো ৰোহিতৰ হাতত আছে। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ৱেইন মৰ্গানে ২০১৯ চনৰ বিশ্বকাপত ২২টা ছয় মাৰিছিল। নেদাৰলেণ্ডৰ খেলখনত মৰা দুটা ছয়ৰ সৈতে ভাৰতীয় অধিনায়কগৰাকীয়ে ২৪টা ছয় মৰাৰ ৰেকৰ্ড গঢ়ে।

এইখন খেলতে ৰোহিতে আন এক কৃতিত্বও অৰ্জন কৰে। ভাৰতৰ হৈ এদিনীয়া মেচত এতিয়া তেওঁ পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক চেৰ পেলাই পঞ্চম সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। তেওঁ ২৫২টা ইনিংছ খেলি ১০ হাজাৰ ৬১৫ ৰান সংগ্ৰহ কৰে। আনহাতে, ভাৰতৰ হৈ ধোনীয়ে ২৯৪ টা ইনিংছত ১০,৫৯৯ ৰান সংগ্ৰহ কৰিছে।