NORTHEAST NOW (Assamese)
Popular Stories

Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2022 12:09 pm

Allu Arjun rejects a whopping amount আল্লু অৰ্জুন দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা।  শেহতীয়াকৈ তেওঁৰ ছবি ‘পুষ্পা: দ্য ৰাইজ’ দৰ্শকৰ মাজত ব্যাপকভাৱে চৰ্চিত আৰু প্ৰশংসিত হৈছে।

চলচ্চিত্ৰৰ উপৰিও অভিনেতাগৰাকীক বিজ্ঞাপনতো দেখা পোৱা যায়। অৱশ্যে আল্লুৱে এই ক্ষেত্ৰত কিছু চিন্তাভাৱনা কৰিহে কাম কৰে। এইবাৰ তেওঁ ১০ কোটি টকাৰ এক লোভণীয় প্ৰস্তাৱ ঘূৰাই দিছে।  

বাতৰি অনুসৰি, চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও আল্লু অৰ্জুনে বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনত কাম কৰি আছে। শেহতীয়াকৈ অভিনেতাগৰাকীলৈ গুটকা ব্ৰেণ্ড আৰু এটা সুৰা কোম্পানীৰ বিজ্ঞাপনত কাম কৰাৰ প্ৰস্তাৱ আহিছিল।

এই বিজ্ঞাপনৰ বাবে আল্লু অৰ্জুনক প্ৰতিদিনে ১০ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু আল্লু অৰ্জুনে সেই প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰে।

আল্লু অৰ্জুনে কয়, “মই এনে অবৈধ সামগ্ৰীৰ প্ৰচাৰ কৰিব নিবিচাৰো। মই এই সামগ্ৰীবোৰৰ বিজ্ঞাপন দিয়াৰ বিৰোধী। যিবোৰ সামগ্ৰী মানুহ আৰু সমাজৰ বাবে কল্যাণমূলক সেইবোৰ সামগ্ৰীৰ বিজ্ঞাপনক অগ্ৰাধিকাৰ দিওঁ। টকা ইয়াত মুখ্য বিষয় নহয়।”

বৃহৎ পৰিমাণৰ টকাৰ বিজ্ঞাপনৰ এই প্ৰস্তাৱটো ঘূৰাই দিয়াৰ পিছত আল্লু অৰ্জুনে আন এটা কোম্পানীৰ বিজ্ঞাপনত কাম কৰিছে যিটো তেওঁৰ আদৰ্শৰ সৈতে মিলি যায়। সেই বিজ্ঞাপনৰ বাবে তেওঁ প্ৰতিদিনে ৭.৫ কোটি টকা পাৰিশ্ৰমিক লৈছে। অভিনেতাগৰাকীয়ে নৈতিক কাৰণত ধনৰ প্ৰলোভন প্ৰত্যাখ্যান কৰি অনুৰাগীসকলৰ পৰা প্ৰশংসা বুটলিছে।