NORTHEAST NOW (Assamese)
অসম

Raju Srivastava: মুখত হাঁহি বিৰিঙাবলৈ আইচিইউত ব্যস্ত চিকিৎসক! কেনে আছে ৰাজু শ্ৰীবাস্তৱ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2022 1:21 pm

Raju Srivastava’s health condition is still critical কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ হৃদৰোগত আক্ৰান্ত হাস্পাতালত চিকিৎসাধীন হৈ আছে। বুধবাৰে জিমত ব্যায়াম কৰি থকাৰ মাজতে হঠাতে তেওঁৰ বুকুৰ বিষ আৰম্ভ হৈছিল। তেওঁক ততাতৈয়াকৈ দিল্লীৰ এইমছলৈ লৈ যোৱা হয় আৰু তেওঁ বৰ্তমান তাতেই চিকিৎসাধীন হৈ আছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৰাজুৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে। এঞ্জিওপ্লাষ্টিৰ পিছত তেওঁক ভেন্টিলেশ্যনত ৰখা হৈছে।

ৰাজুৰ কন্যা অন্তৰা শ্ৰীবাস্তৱে সংবাদ মাধ্যমৰ আগত কয়, “মোৰ দেউতাই কামৰ বাবে দিল্লীকে ধৰি দেশৰ বিভিন্ন চহৰলৈ যাব লাগে। কিন্তু ইয়াৰ মাজতো তেওঁ প্ৰতিদিনে জিমলৈ গৈ শৰীৰ চৰ্চা কৰে। শৰীৰ চৰ্চা তেওঁ এদিনো বাদ নিদিয়ে। তেওঁ সম্পূৰ্ণৰূপে স্বাস্থ্যৱান আছিল। হৃদযন্ত্ৰৰ কোনো সমস্যা নাছিল।‘’

লগতে পঢ়ক: Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

জানিব পৰা মতে ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা যথেষ্ট সংকটজনক আছিল। তেওঁৰ মগজুটোৱেও হেনো কাম কৰা নাই।

তেওঁৰ কন্যা অন্তৰাই কয়, “মোৰ দেউতাৰ স্বাস্থ্যৰ অৱস্থা উন্নতও হোৱা নাই বা অৱনতিও ঘটা নাই। চিকিৎসকসকলে যৎপৰোনাস্তি চেষ্টা কৰি আছে। আমি আমাৰ দেউতাৰ বাবে প্ৰাৰ্থনা কৰি আছো। মই আশা কৰোঁ তেওঁ সোনকালেই সুস্থ হ’ব। মোৰ মা দেউতাকৰ সৈতে আইচিইউত আছে।‘’

ৰাজু শ্ৰীবাস্তৱ উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে ৰাজুৰ পত্নী শিখা শ্ৰীবাস্তৱৰ সৈতে কথা পাতিছে আৰু তেওঁক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে।

লগতে পঢ়ক: Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

ৰাজুৱে ১৯৮০ ৰ দশকৰ শেষৰ ফালে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰম্ভ কৰে। ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ত অংশগ্ৰহণ কৰি বিশেষ সফলতা লাভ কৰে। তেওঁৰ মানুহক হাঁহিবলৈ বাধ্য কৰাৰ ক্ষমতা তুলনাহীন। বৰ্তমান তেওঁ উত্তৰ প্ৰদেশৰ চলচ্চিত্ৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ।