NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীত আৰম্ভ কোভিড১৯ৰ গণ-সংক্ৰমণ! : আধা সংখ্যক আক্ৰান্তৰ উৎস ধৰা পৰা নাই দেশৰ ৰাজধানীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2020 9:07 am
covid-mumbai-lockdown

দিল্লীত কোভিড১৯ৰ গণ সংক্ৰমণ আৰম্ভ হৈছে! কালি এক বিবৃতিত এই সম্পৰ্কে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সতেন্দ্ৰ জৈনে কয়, ‘গণ সংক্ৰমণ নে কি সেইটো কেন্দ্ৰীয় চৰকাৰে ক’ব। কাৰণ সেইটো এটা পৰিভাষা।’

সংক্ৰমণৰ উৎস চিনাক্ত কৰিব নোৱাৰিলে সেয়া গণ বা সামূহিক সংক্ৰমণ বুলি ধৰা হয়। দিল্লীত কোভিড১৯ সংক্ৰমণে তেন এটা পৰ্যায়ত উপণীত হৈছে।

দেশত ক’ৰ’নাক্ৰান্তৰ সংখ্যা দৈনিক ১০ হাজাৰকৈ বাঢ়িবলৈ ধৰিছে আৰু ইয়াৰে ১০ শতাংশই দিল্লীৰ।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এতিয়াও গণ সংক্ৰমণ আৰম্ভ হোৱা বুলি ঘোষণা কৰা নাই।

কালি দিল্লীৰ স্বাস্থ্যমন্ত্ৰী জৈনে কৈছিল যে, দিল্লীতে দৈনিক যিমান নতুন সংক্ৰমিত লোক পোৱা গৈছে তেওঁলোকৰ অন্ততঃ আধাসংখ্যকৰ সংক্ৰমণৰ উৎস ধৰা পৰা নাই।

প্ৰথমাৱস্থাত দেশত ক’ৰ’নাক্ৰান্তৰ বৃদ্ধিৰ হাৰ মুম্বাই অধিক আছিল যদিও দেশজুৰি ল’কডাউন শিথিলকৰণৰ পিছত দেশৰ ৰাজধানী দিল্লীত ক’ৰ’নাক্ৰান্তৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা দেখা গৈছে।

বৰ্তমান দিল্লীত আক্ৰান্ত সংখা ৩১,৩০৯ গৰাকী। কিন্তু যোৱা সপ্তাহত দিল্লীত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে ৩০ শতাংশ।

যোৱা সপ্তাহত আক্ৰান্তৰ হাৰ এনেদৰে বৃদ্ধিৰ হোৱাৰ বাবেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেৱল দিল্লীবাসী আক্ৰান্তকহে দিল্লীত কোভিড১৯ৰ চিকিৎসা গ্ৰহণৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল।

কিন্তু দিল্লীৰ উপ ৰাজ্যপাল অণিল বৈজালৰ হস্তক্ষেপৰ বাবে পিছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সিদ্ধান্ত বাতিল কৰে।

কেজৰিৱালে কয় যে দিল্লীৰ চিকিৎসালয়সমূহৰ দুৱাৰ দেশৰ সকলো প্ৰান্তৰ ৰোগীৰ বাবেই খোলা থাকিব।

এতিয়া ৰাজনৈতিক দলৰ যুঁজ বাগৰত ব্যস্ত থাকিলে ক’ৰ’নাই আমাক পৰাস্ত কৰিব বুলিও কেজৰিৱালে মন্তব্য প্ৰকাশ কৰিছে।

ইফালে পৰহি দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচুডিয়াই গণ সংক্ৰমণৰ ঘটাৰ কথা নস্যাৎ কৰিছিল। তেওঁৰ মতে ৩১ জুলাইলৈকে কেৱল দিল্লীতে আক্ৰান্তৰ সংখ্যা পাঁচ লক্ষাধিক হোৱাৰ সম্ভাৱনা আছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যৰ অনুসৰি যোৱা ১৩ দিনত ক’ৰ’নাক্ৰান্তৰ হাৰ দ্বিগুণলৈ বৃদ্ধি পাইছে। ইফালে মুম্বাইত কোভিড১৯ৰ আৰোগ্যৰ হাৰ ৪০ শতাংশ হোৱাৰ বিপৰীতে দিল্লীত এই হাৰ মাত্ৰ ৮ শতাংশহে।