NORTHEAST NOW (Assamese)
অসম

পোলেণ্ডৰ একতা আন্দোলনক স্মৰণেৰে ৰঙা-বগা ৰঙেৰে সজাই তোলা হ’ল দিল্লীৰ ঐতিহাসিক কুটুবমিনাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 6:44 pm
পোলেণ্ডৰ একতা আন্দোলনক স্মৰণেৰে ৰঙা-বগা ৰঙেৰে সজাই তোলা হ’ল দিল্লীৰ ঐতিহাসিক কুটুবমিনাৰ

দিল্লীৰ ঐতিহাসিক কুটুবমিনাৰক পোলেণ্ড দূতাৱাস আৰু পোলিচ ইষ্টিটিউট ইন দিল্লীয়ে দেওবাৰে পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰং বগা আৰু ৰঙা ৰঙেৰে সজাই তোলে।

পোলেণ্ডৰ একতা আন্দোলনৰ ৪০ সংখ্যক বৰ্ষপুৰ্তি উপলক্ষে এইদৰে কুটুবমিনাৰক সজাই তোলা হয়।

পোলেণ্ডৰ একতা আন্দোলন হৈছে গান্ধীবাদী নীতিৰে পৰিচালিত বাণিজ্যিক গোটে কৰা এক অহিংস আন্দোলন।

এই অহিংস আন্দোলনৰ মাধ্যমেৰে পোলেণ্ডৰ কমিউনিষ্ট শাসন কালত সামাজিক অধিকাৰৰ হকে যুঁজা হৈছিল।

দিল্লীৰ ঐতিহাসিক কুটুবমিনাৰত পোলেণ্ডৰ ৰাষ্ট্ৰীয় পাতাকাৰ আৰ্হিত সজাই তোলা কাৰ্য্যই ভাৰত আৰু পোলেণ্ডৰ মাজৰ সুদৃঢ় দ্বিপাক্ষিক সম্পৰ্কক পুনৰবাৰ প্ৰমাণ কৰিলে।

উল্লেখযোগ্য যে, ভাৰতৰ স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসৰ সময়তো য়ু এ ইৰ বুৰ্জ খলিফা বা ফ্ৰাঞ্চৰ আইফেল টাৱাৰক ভাৰতীয় জাতীয় পতাকাৰ আৰ্হিত সজাই তোলা হৈছিল।