NORTHEAST NOW (Assamese)
অসম

US-China Row: উত্তেজনা স্বত্বেও আকাশী তথা সাগৰীয় পথেৰে টাইৱানলৈ যাব আমেৰিকা যুক্তৰাষ্ট্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 14, 2022 8:30 am

US to conduct air and maritime transits in Taiwan চীনৰ সৈতে উত্তেজনা চলি থকা স্বত্বেও আকাশী তথা সাগৰীয় পথেৰে টাইৱানলৈ যাব আমেৰিকা যুক্তৰাষ্ট্ৰ। হোৱাইট হাউচে জানিবলৈ দিয়ে যে পেলোচিৰ ভ্ৰমণৰ বিষয়টোক লৈ চীনৰ প্ৰৰোচনাৰ প্ৰতিক্ৰিয়াস্বৰূপে তেওঁলোকে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

চীনে টাইৱানক নিজৰ ভূখণ্ড বুলি গণ্য কৰে। বেইজিঙে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ নেন্সি পেলোচিৰ টাইপেই ভ্ৰমণক কেন্দ্ৰ কৰি এক অভূতপূৰ্ব সামৰিক অনুশীলন চলাইছে।

লগতে পঢ়ক: Independence Day: ভাৰতবৰ্ষই নহয়, পৃথিৱীৰ এই দেশবোৰো স্বাধীন হৈছিল ১৫ আগষ্টত; জানেনে এই ইতিহাস?

পেলোচিৰ টাইৱান ভ্ৰমণ সন্দৰ্ভত চীনে অত্যাধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি হোৱাইট হাউচৰ এছিয়া পেচিফিক পৰিক্ৰমা সমন্বয়ক কুৰ্ট কেম্পবেল আৰু ৰাষ্ট্ৰপতি জো বিডেনৰ উপদেষ্টাই কয় যে উত্তেজনা স্বত্বেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি বিমান আৰু জাহাজ পৰিচালনা কৰিব।

মুক্তভাৱে সাগৰত চলাচল কৰাৰ ক্ষেত্ৰত এয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি। তেওঁলোকে কয় যে ইয়াৰ অংশ হিচাপে, আমেৰিকা যুক্তৰাষ্ট্ৰই অহা কেইসপ্তাহমানৰ ভিতৰত টাইৱান প্ৰণালীত ষ্টেণ্ডাৰ্ড বিমান আৰু জাহাজৰ সৈতে পৰিবহন কৰিব।

অৱশ্যে, কেম্পবেলে এই কাৰ্যসূচীত কেনে ধৰণৰ সেনা মোতায়েন কৰা হ’ব আৰু কেতিয়া হ’ব সেয়া স্পষ্ট কৰা নাই।

লগতে পঢ়ক: কিয় ইছলামিক বিশ্বৰ চকুৰ কূটা, দাঁতৰ শূল হৈ পৰিছিল ছলমান ৰুশ্বদী!

ৱাশ্বিংটনে টাইৱানৰ সৈতে গভীৰ অৰ্থনৈতিক সম্পৰ্ক বজাই ৰখাৰ বাবে এক উচ্চ-অভিলাষী ৰোডমেপ ঘোষণা কৰিব বুলি উল্লেখ কৰি কেম্পবেলে কয় যে চীনে নেন্সি পেলোচিৰ ভ্ৰমণকলৈ অৰ্থহীন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ ভ্ৰমণ ৱাশ্বিংটনৰ চলিত নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ আছিল।