NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক August 16, 2022 7:03 pm
Ranjan Gogoi Dhekiakhowa Barnamghar

পবিত্ৰ ভাদ মাহলৈ মাজত এটা দিন বাকী থকাৰ সময়তে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পত্নীসহ উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্য সভাৰ সাংসদ ৰঞ্জন গগৈ।

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিৰ আশীষ লাভ কৰাৰ উদ্দেশ্যে উপস্থিত হোৱা প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বন্তি প্ৰজ্বলন কৰি সেৱা লয়।

তেওঁৰ এই ভ্ৰমণৰ সময়তে ঢেকীয়াখোৱা বৰনামঘৰৰ কাষেৰে যোৱা বৰনামঘৰৰ বহু ঐতিহ্য বহন কৰা বুঢ়ী দিহা নদীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে এটি প্ৰস্তাৱ ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে ৰাজ্য সভাৰ সাংসদজনলৈ প্ৰেৰণ কৰে।

প্ৰাক্তন ন্যায়াধীশজনৰ ঢেকীয়াখোৱা বৰনামঘৰৰ ভ্ৰমণ সূচীত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, টীয়ক ৰাজহ চক্ৰ বিষয়া শৌভিক ভূঞাৰ লগতে যোৰহাট জিলা প্ৰশাসনৰ কেইবাজনো বিষয়াই সংগ প্ৰদান কৰে।