NORTHEAST NOW (Assamese)
অসম

সীমান্তত সেনাৰ সৈতে দেৱালী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 1:34 pm
narendra Modi

প্ৰতিবছৰৰ দৰে এইবাৰো সীমান্তত সেনা জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ৰাজস্থানৰ জয়ছলমেৰ সীমান্তৰ লোংগেওৱালা সেনা শিৱিৰত দেৱালী উদযাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকে চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট, সেনাপ্ৰধান এম এম নাৰাৱনে, এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এছ ভাদোড়িয়া আৰু বিএছএফৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানা।

প্ৰধানমন্ত্ৰী মোদীয়ে লোংগেওৱালা সেনা শিৱিৰত জোৱানসকলক দেৱালীৰ শুভেচ্ছা জনায়। তেওঁ ১৩০কোটি দেশবাসীৰ হৈ জোৱানসকলক শুভেচ্ছা জনায়।

প্ৰধান মন্ত্ৰীয়ে কয়,’’ আপোনালোক আছে সেইকাৰণেই দেশ আছে। এইটো দেশৰ উৎসৱ। মই আপোনালোকৰ কাষলৈ সকলো ভাৰতবাসীৰ শুভেচ্ছা লৈ আহিছো।‘’

মোদীয়ে লগতে কয়, ‘’যিসকলৰ সন্তান দেৱালীৰ দিনা সীমান্তত মোতায়েন হৈ আছে তেওঁলোকে অভিনন্দন পোৱাৰ যোগ্য। প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথম দেৱালীত ছিয়াচেনলৈ গৈছিলো। বহুতেই আচৰিত হৈছিল। কিন্তু আপোনালোকে মোক জানে। দেৱালীত নিজৰ মানুহৰ কাষলৈ আহিমেই আৰু আহিছো।

দেশৰ সীমান্তত কৰ্তব্যৰত জোৱানসকলক উৎসাহিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিবাৰেই দেৱালীত এইদৰে উপস্থিত হৈ দেৱালী উদযাপন কৰি আহিছে।