NORTHEAST NOW (Assamese)
অসম

মানুহে আঘাতৰ বিষয়ে নাজানে সেইবাবে যি ইচ্ছা তাকে কৈ ফুৰে : সৌৰভ গাংগুলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 1:17 pm
Sourav Ganguly

ৰোহিত শৰ্মাৰ আঘাতৰ প্ৰসংগত বিচিচিআই সমালোচনাৰ সন্মুখিন হোৱাৰ পাছতে ৰোহিত শৰ্মাৰ আঘাত সম্পৰ্কত মত প্ৰকাশ কৰিছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে।

‘‘বহুলোকে বিচিচিআই কেনেদৰে পৰিচালিত হয় সেই বিষয়ে নাজানে আৰু আঘাতক অৱজ্ঞা কৰে সেইবাবে যি ইচ্চা তাকে কৈ ফুৰে,’’ সৌৰভ গাংগুলীয়ে লগতে কয়।

‘‘আঘাতৰ বিষয়ে কোনো জানে?….আমি জানো…. ভাৰতীয় দলৰ চিকিৎসকে জানে….এন চি এ জানে,’’ সৌৰভে লগতে কয়।

ফিটনেছৰ সমস্যাৰ বাবে ৰোহিত শৰ্মা অষ্ট্ৰেলিয়াগামী সীমিত অভাৰৰ ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰত থকাৰ পাছতো কিদৰে তেওঁ আই পি এলত অংশ ল’লে সেই সম্বন্ধে সৌৰভক সোধা এক প্ৰশ্নৰ উত্তৰত সৌৰভে ৰোহিত শৰ্মা এতিয়াও মাত্ৰ ৭০ শতাংশহে সুস্থ বুলি কয়।

‘‘এতিয়াও ৰোহিত মাত্ৰ ৭০ শতাংশ সুস্থ……এই বিষয়ে কিয় ৰোহিতক নোসোধা? সেইবাবে ৰোহিতক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া এদিনীয়া আৰু টি-২০ দলত স্থান দিয়া হোৱা নাই…..তেওঁক টেষ্ট দলত ৰখা হৈছে,’’ বিচিচিআইৰ অধ্যক্ষ গাংগুলীয়ে পুনৰ কয়।