NORTHEAST NOW (Assamese)
অসম

মাতৃ হোৱাৰ সাহস! ৪৫ বছৰত মাতৃ হোৱা অভিনেত্ৰী শিল্পা ছেট্টিয়ে কি ক’লে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 12:52 pm
Shilpa shetty

চলিত বছৰৰ ফেব্ৰুৱাৰিত শিল্পা ছেট্টিৰ কন্যা ছামিছাৰ জন্মৰ কথা জানিব দিছিল। ছাৰ’গেছি (ভাড়াতীয়া মাতৃ)ৰ জৰিয়তে ছামিছাৰ জন্ম।

শিল্পাই ‘নো ফিল্টাৰ উইথ নেহা’ নামৰ এটা শ্ব’ত দ্বিতীয়বাৰৰ বাবে মাতৃত্বৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।

বলীউদৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে ৪৫ বছৰত মাতৃ হোৱাটো অত্যন্ত সাহসী পদক্ষেপ বুলি ভাৱে।

শিল্পাই কয় যে যোগাই যোৱা ১০বছৰত তেওঁৰ জীৱনত বহুত পৰিৱৰ্তন আনিছে। প্ৰথমবাৰ মাতৃ হওতে মনত বহু ভয় আছিল। কিন্তু দ্বিতীয়বাৰ সেই বিষয়টো বহু সহজ হৈ পৰিছে।

তেওঁ লগতে কয়,’’মোৰ সাহস আছে বুলি ক’ব পাৰে। মোৰ বয়স এতিয়া ৪৫আৰু মোৰ কন্যাৰ বয়স যেতিয়া ৫বছৰ হ’ব তেতিয়া মই ৫০বছৰত ভৰি দিম।‘’

শিল্পাই কয়,’’মানুহে মোক লৈ কি আলোচনা কৰে তাক লৈ মই গুৰুত্বই নিদিও। কিয়নো এইটো একেবাৰে মোৰ বিষয়, আনৰ নহয়। মই কেবল এগৰাকী ভাল মাতৃ হোৱাৰ চেষ্টা কৰো।‘’

অভিনেত্ৰীগৰাকীয়ে নিজৰ শৈশৱৰ কথা উল্লেখ কৰি কয়,’’মোৰ মা-দেউতাই মোক যিধৰণে ডাঙৰ কৰিছে, সেইটো মোৰ সন্তানেও জানক, মই তাকেই বিচাৰো। এটাই মাথোঁ পাৰ্থক্য, মই সৰু এটা ঘৰত ডাঙৰ হৈছো যদিও মৰমৰ অভাৱ নাছিল।‘’