NORTHEAST NOW (Assamese)
অসম

KICK BOXING মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব টীয়ক চাহ বাগিচাৰ  নীহা ৰাজোৱাৰে

Posted by: এন ই নাও নিউজ,টীয়ক Updated by: এন ই নাও নিউজ,টীয়ক July 8, 2022 12:29 pm
KICK BOXING মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব টীয়ক চাহ বাগিচাৰ  নীহা ৰাজোৱাৰে

যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ পৰা আন্তঃৰাষ্ট্ৰীয় মজিয়ালৈ ৷ মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব টীয়ক চাহ বাগিচাৰ পোন্ধৰ বছৰীয়া নীহা ৰাজোৱাৰে ৷

কিছুদিন পূৰ্বে মধ্যপ্ৰদেশত অনুস্থিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই অনা তথা  মালয়েছিয়াত অহা আগষ্টত আয়োজিত আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱা টীয়ক চাহ বাগিচাৰ নীহা ৰাজোৱাৰ আৰু পৰিয়ালটোক এতিয়া আৰ্থিক সমস্যাই চিন্তিত কৰি তুলিছে।

টীয়ক চাহ বাগিচাৰ  বাবুল ৰাজোৱাৰ আৰু গীতা ৰাজোৱাৰৰ  নৱম শ্ৰেণীত অধ্যয়নৰত কন্যা নীহা ৰাজোৱাৰক এতিয়া প্ৰয়োজন ৰাইজৰ আশীৰ্বাদ আৰু সহায়ৰ।

ইপিনে কন্যা নীহা ৰাজোৱাৰৰ এই সফলতাই পিতৃ-মাতৃক আনন্দিত কৰিছে যদিও আন ধনৰ অভাৱে চিন্তিতও কৰিছে।বাগিচাত দিন হাজিৰা কৰা পিতৃ মাতৃৰ নাই  কন্যাক বিদেশলৈ গৈ খেলিবলৈ দিবলৈ প্ৰয়োজন হোৱা ধনৰাশি ৷

সেয়া যোগাৰ কৰাৰ সামৰ্থও নাই তেওঁলোকৰ।সেয়ে নিৰূপায় হৈ পৰিয়ালটিয়ে অসম চৰকাৰৰ লগতে ৰাজ্যবাসীৰ সহায় বিচাৰিছে।