NORTHEAST NOW (Assamese)
অসম

Artificial flood পুনৰ কৃত্ৰিম বানত ডুব গ’ল ঐতিহাসিক শিৱসাগৰ চহৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ July 8, 2022 1:08 pm
Artificial flood পুনৰ কৃত্ৰিম বানত ডুব গ’ল ঐতিহাসিক শিৱসাগৰ চহৰ

পুনৰ কৃত্ৰিম বানত ডুব গ’ল ঐতিহাসিক শিৱসাগৰ চহৰ।
পুৱা অহা এজাক মূষলধাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰৰ অধিকাংশ ৱাৰ্ডেই প্লাবিত হৈ পৰিল কৃত্ৰিম বান পানীত।

কৃত্ৰিম বানৰ কবলত চহৰখনৰ হৃদপিণ্ড স্বৰূপ দ’লমুখ চাৰি আলি , মুক্তি নাথ চাৰি আলি, বৰ্ডিং ৰ’ড, আমোলাপট্টি, পুৰণা চ’ক বজাৰ পথ, অ’এন জি কলনিৰ সন্মুখকে ধৰি বহু এলেকা।

কৃত্ৰিম বানত ডুবিল শিৱসাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়কে ধৰি বহু সংখ্যক চৰকাৰী বিভাগৰ কাৰ্যালয়।

ইপিনে শিৱসাগৰ পৌৰসভাই কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ কোনো পদক্ষেপ নোলোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।