NORTHEAST NOW (Assamese)
অসম

চাই ল’ম, ফেপেৰি পাতিছে পুটিনে! ৰাছিয়াৰ ৱাণ্টেড লিষ্টত এইবাৰ আইচিচিৰ প্ৰেছিডেন্টৰ নাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2023 10:50 am

আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ (আইচিচি) প্ৰেছিডেন্ট পিয়টৰ হফমানস্কিৰ নাম ৰাছিয়াৰ ৱাণ্টেড তালিকাত সংযোজন কৰা হৈছে। সোমবাৰে ৰাছিয়াৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰে।

দেশখনৰ গৃহ মন্ত্ৰালয়ৰ ডাটাবেছৰ পৰা প্ৰকাশিত এক জাননীত কোৱা হৈছে যে পোলেণ্ডৰ নাগৰিক পিয়টৰ জ’জেফ হফমানস্কিক ৰাছিয়াৰ অপৰাধ আইন অনুসৰি ৱান্টেড হিচাপে গণ্য কৰা হ’ব। অৱশ্যে পিয়টৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো কোৱা নাই গৃহ মন্ত্ৰালয়ে।

চলিত বৰ্ষৰ মাৰ্চ মাহত নেদাৰলেণ্ডৰ হেগস্থিত আইচিচিয়ে পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। ইউক্ৰেইনৰ শিশুক বলপূৰ্বকভাৱে দেশ এৰিবলৈ বাধ্য কৰা আৰু দেশখনৰ বিৰুদ্ধে যুদ্ধাপৰাধ সংঘটিত কৰাৰ অভিযোগত পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয়। অনুমান কৰা হৈছে যে মস্কোৱে এই পদক্ষেপৰ প্ৰত্যুত্তৰ হিচাপে এই ব্যৱস্থা লৈছে।

লগতে পঢ়ক: উৎসৱৰ সময়তে অচল হৈ পৰিব WhatsApp; কোন কোন স্মাৰ্টফোনত নকৰিব কাম?

ৰাছিয়াৰ শিশু অধিকাৰ বিষয়ক প্ৰেছডেন্সিয়েল কমিছনাৰ মাৰিয়া ল’ভোভা-বেলোভাৰ বিৰুদ্ধেও একে অভিযোগতে আইচিচিয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।

এনে পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ৰাছিয়াই ইয়াৰ পূৰ্বে আইচিচিৰ অধিবক্তা কৰিম খান আৰু একাংশ ন্যায়াধীশৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। এইবাৰ ৱাণ্টেড লিষ্টত যোগ কৰা হৈছে আইচিচিৰ প্ৰেছিডেন্টৰ নাম।

ৰাছিয়া আইচিচিৰ সদস্য নহয়। সেয়েহে মস্কোৱে ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাক ‘অবৈধ’ বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: মণিপুৰ হিংসা: যোৱা ৬ জুলাইত নিৰুদ্দেশ হোৱা দুই মেইটেই শিক্ষাৰ্থীক ‘হত্যা’; ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো

চলিত মাহত ইউক্ৰেইনত আইচিচিয়ে এটা ক্ষেত্ৰ কাৰ্যালয় মুকলি কৰিছে। বহুলাংশে পশ্চিমৰ সমৰ্থিত ইউক্ৰেইনত ৰাছিয়াৰ সৰ্বাত্মক আক্ৰমণৰ বাবে ৰাছিয়াৰ বাহিনীক জবাবদিহি কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই কাৰ্যালয় মুকলি কৰা হৈছে।