NORTHEAST NOW (Assamese)
অসম

খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2022 2:17 pm

অভিযন্তা হিচাপে কাম কৰা বাংগালুৰুত বাস কৰা এগৰাকী গুজৰাটী ব্যক্তি ৰাহুল পাৰমাৰে তেওঁৰ ওচৰত তাইক খুৱাবলৈ টকা নথকাৰ বাবেই নিজৰ ২ বছৰীয়া কন্যাক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল। ব্যক্তিজনে চাকৰি হেৰুৱাইছিল আৰু বিটকইন ব্যৱসায়ত এক বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছিল। টাইমছ অফ ইণ্ডিয়াৰ বাতৰিত এই কথা সৱিশেষ প্ৰকাশ পাইছে।

তেওঁ ইতিমধ্যে তেওঁৰ ঋণ পৰিশোধ কৰিবলৈ তেওঁৰ পত্নীৰ অলংকাৰ বন্ধক ৰাখিছিল আৰু তেওঁৰ পত্নীক মিছা কৈছিল যে তেওঁক লুণ্ঠন কৰা হৈছে। ঋণৰ এক দুষ্ট চক্ৰৰ কবলত পৰি ব্যক্তিজনে নিজৰ কন্যাক হত্যা কৰি নিজৰ জীৱনো ল’বলৈ সিদ্ধান্ত লৈছিল।

লগতে পঢ়ক: বিশ্বনাথ আৰক্ষীৰ জালত আধাৰ কাৰ্ডৰ নামত ভুৱা জন্মৰ প্ৰমাণ পত্ৰ প্ৰদানকাৰী বহিৰাগত যুৱক

প্ৰযুক্তিবিদজনে তেওঁৰ জীয়েকক স্কুটাৰৰ পিছৰ চিটত বহুৱাই লৈ মূৰত আত্মহত্যাৰ চিন্তাৰে চহৰখনৰ চাৰিওফালে ঘূৰি ফুৰিছিল। কেঁচুৱাটো ভোকাতুৰ হৈ পৰিছিল কিয়নো তাই একো খোৱা নাছিল আৰু কান্দিবলৈ আৰম্ভ কৰিছিল।

ৰাহুলে তাইক খুৱাবলৈ ওচৰৰ দোকান এখনৰ পৰা কিছু বিস্কুট আনিছিল আৰু সেই মুহূৰ্ততে তেওঁ এই অপৰাধ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ ঋণদাতাসকলৰ পৰা আতংকিত হোৱাৰ লগতে আৰক্ষীৰ সম্ভাৱ্য পদক্ষেপৰ কথা চিন্তা কৰি ভৱিষ্যৎ জীৱনকলৈ শংকিত হৈ পৰিছিল।

ঋণদাতাৰ হেঁচাৰ চিন্তাই তেওঁক জিৰণি ল’বলৈ নিদিলে আৰু তেওঁ আত্মহত্যাৰ চেষ্টা কৰাৰ আগতেই সৰু ছোৱালীজনীক হত্যা কৰে।

“তাই কান্দিবলৈ আৰম্ভ কৰিছিল আৰু মোৰ ওচৰত কোনো পইচা নাছিল। যদি মই ঘৰলৈ উভতি আহো তেন্তে মোৰ বাবে এটা বেয়া পৰিস্থিতি অপেক্ষা কৰি আছিল। মই মাত্ৰ তাইক জোৰকৈ সাৱটি ধৰিছিলোঁ আৰু তাইক হত্যা কৰিছিলো। তাইৰ খাদ্য ক্ৰয় কৰিবলৈ মোৰ অসহায়তাই মোক সিদ্ধান্তটো ল’বলৈ বাধ্য কৰিছিল। মই নিজকে হত্যা কৰিবলৈ তাইৰ সৈতে হ্ৰদটোত জঁপিয়াই পৰিছিলো, কিন্তু ডুব যোৱা নাছিলো,” তেওঁ আৰক্ষীক কৈছিল।

লগতে পঢ়ক: ভাৰত মহাসাগৰত দখল শক্তিশালী কৰাৰ চেষ্টা; ভাৰতৰ অনুপস্থিতিত ১৯ খন দেশৰ সৈতে বৈঠক চীনৰ

আত্মহত্যাৰ চেষ্টা কৰি ৰক্ষা পৰা ৪৫ বছৰীয়া ৰাহুল পাৰমাৰ নামৰ ঋণগ্ৰস্ত অভিযন্তাগৰাকীয়ে  আৰক্ষীৰ ওচৰত সকলো কথা স্বীকাৰ কৰিছিল।

ৰাহুলক তেওঁৰ কন্যা জিয়াক হত্যা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ জেৰাৰ সময়ত আৰক্ষীৰ ওচৰত নিজৰ অপৰাধ স্বীকাৰ কৰিছে। তেওঁক অপৰাধস্থলীলৈও লৈ যোৱা হৈছিল আৰু তাতেই তেওঁ সেই দুৰ্ভাগ্যজনক দিনটোৰ ঘটনা উন্মোচিত কৰি তাৰ বিৱৰণ দাঙি ধৰে।