NORTHEAST NOW (Assamese)
অসম

অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2022 1:19 pm

অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। সংগীত নাটক একাডেমীয়ে ২০১৯, ২০২০ আৰু ২০২১ এই তিনিটা বৰ্ষৰ বাবে ৫ গৰাকীকৈ  শিল্পীক এই বঁটাৰ বাবে বাছনি কৰিছে।

সংগীত নাটক অকাদেমী বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ ভিতৰত সত্ৰীয়া নৃত্যলৈ বিশেষ অৱদান আগবঢ়োৱা হৰি বৰা বৰবায়নক ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে।

সেইদৰে, ২০২২ বৰ্যৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে প্ৰখ্যাত বেহেলাবাদক মিনতি খাউণ্ড, ব্যাস ওজাপালিলৈ অৱদান আগবঢ়োৱা গুৰুপ্ৰদাস ওজা আৰু লোকসংগীত আৰু লোক নৃত্যৰ বাবে মাখন চন্দ্ৰ বৰাক।

আনহাতে, লোক সংগীত, লোক নৃত্যৰ সাধক প্ৰসন্ন গগৈয়ে ২০২১ বৰ্ষৰ লোক সংগীত আৰু লোক নৃত্যৰ বাবে সংগীত নাটক অকাদেমী বঁটা লাভ কৰিছে।  সত্ৰীয়া নৃত্যৰ শিল্পী ৰঞ্জুমণি শইকীয়াই ২০১৯ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা লাভ কৰিছে। ৰঞ্জুমণি শইকীয়া বিশিষ্ট শিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ কন্যা।

তদুপৰি, ২০১৯ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটাৰ বাবে নিৰ্বাচিত হৈছে নাট পৰিচালক অৱিনাশ শৰ্মাৰ লগতে অভিনয়ৰ ক্ষেত্ৰত প্রাঞ্জল শইকীয়া আৰু লোকশিল্পী গুণীন্দ্র নাথ ওজা।

দেশৰ মুঠ ১২৮ গৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে।