NORTHEAST NOW (Assamese)
অসম

জীৱনৰ দ্বিতীয় ইনিংছলৈ সাজু! প্ৰেমিকৰ সৈতে বিয়াৰ তাৰিখ জনালে তাৰকা খেলুৱৈ জ্বালাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2021 8:54 am
Jalwa Gutta

যোৱা বছৰ নিজৰ জন্মদিনতে ফাইনেল হৈছিল সকলো। এইবাৰ গাত মাহ-হালধী সানিবলৈ আগবাঢ়িছে ভাৰতৰ তাৰকা বেডমিন্টন খেলুৱৈ জ্বালা গুট্টাই।

অহা ২২ এপ্ৰিলত প্ৰেমিক বিষ্ণু বিশালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব জ্বালা। ফেচবুকত এটা প’ষ্ট কৰি সকলোকে খৱৰটো দিছে খেলুৱৈগৰাকীয়ে।

দেশত কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ বিয়াত সীমিত সংখ্যক অতিথিকহে নিমন্ত্ৰণ দিয়া হৈছে। বিয়াত কেবল ঘনিষ্ঠ আত্মীয়ৰ লগতে অল্পসংখ্যক বন্ধু-বান্ধৱীহে উপস্থিত থাকিব।

ভাৰতীয় বেডমিন্টন জগতত উজলি থকা এটা নাম জ্বালা গুট্টা। বিশেষকৈ ডবলছত অশ্বিনী পুনাপ্পাৰ সৈতে যুটী বান্ধি বহু সফলতাৰ দৃষ্টান্ত দাঙি ধৰিছে জ্বালাই। তেওঁৰ সুবাদতে কমনৱেলথ গেমছত আহিছে পদক।

বিশালৰ সৈতে জ্বালাৰ প্ৰেম বহুদিনীয়া। যোৱা বছৰৰ ছেপ্টেম্বৰত দুয়োজনে সংসাৰ কৰাৰ কথাটো চূড়ান্ত কৰিছিল।

যোৱা বছৰৰ ৭ছেপ্টেম্বৰত জ্বালাৰ জন্মদিনত চিধাই হায়দৰাবাদত গৈ উপস্থিত হয় দক্ষিণৰ অভিনেতাগৰাকী। তাতেই তেওঁ জ্বালাক বিয়াৰ প্ৰস্তাৱ দিয়ে। বিশালৰ এই প্ৰস্তাৱত লগে লগে ৰাজী হৈ যায় জ্বালা।

তাৰপাছৰে পৰা অপেক্ষা আছিল বিয়াৰ দিন-তাৰিখলৈ। বিশালে যোৱা মাহত সোনকালেই সাংসাৰিক জীৱন আৰম্ভ কৰাৰ কথা জনাইছিল। অৱশেষত জ্বালাই ছচিয়েল মিডিয়াত বিয়াৰ তাৰিখো জনালে।

উল্লেখ্য যে এইখন জ্বালাৰ দ্বিতীয় বিবাহ। ইয়াৰ পূৰ্বে ২০০৫চনত বেডমিন্টন খেলুৱৈ চেতন আনন্দৰ সৈতে বিয়া হৈছিল জ্বালাৰ। কিন্তু ২০১১ত তেওঁলোকৰ বিয়া ভাগে। আনহাতে, বিষ্ণু বিশালৰো এয়া দ্বিতীয় বিবাহ।