NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থীলৈ ফিডে ৰেটিং

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 3, 2022 11:00 am

গুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী স্বপ্নীল কৰৰ নাম বিশ্ব দবা মহাসংঘই এক নৱেম্বৰ,২০২২ত প্ৰকাশ কৰা ফিডে ৰেটিং তালিকাত অন্তৰ্ভুক্ত হৈছে।

এক নৱেম্বৰ,২০২২ত প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি স্বপ্নীলে ১০৪০ৰেটিং পইণ্ট লাভ কৰে।
স্বপ্নীলক ১৩ অক্টোবৰৰ পৰা ১৯ অক্টোবৰ, ২০২২লৈ আগৰতলাত “দ্বিতীয় মা মানিক সোঁৱৰণী আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শণৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে।

বৰ্তমান স্বপ্নীল গুৱাহাটী দবা একাডেমিত ফিডে স্বীকৃতি প্ৰাপ্ত দবা প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। স্বপ্নীলক এই কৃতিত্বৰ বাবে গুৱাহাটী দবা একাডেমীয়ে অভিনন্দন জনাইছে।