NORTHEAST NOW (Assamese)
অসম

অসম জাতীয় পৰিষদৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ, ক’ত, কাৰ হ’ল মনোনয়ন নাকচ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2021 8:02 am
ajp

শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাই ৰাজ্যত নৱ গঠিত অসম জাতীয় পৰিষদৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে।

মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰিবলগীয়া নথি-পত্ৰ আদি পৰ্যাপ্ত নোহোৱাৰ বাবেই নিৰ্বাচন আয়োগে তেওঁলোক দুজনৰ প্ৰাৰ্থিত্ব নাকচ কৰিছে।

শেহতীয়াকৈ মনোনয়ন নাকচ হোৱা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে ৰুপহীহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ছফিকুল ইছলাম আৰু  নাজিৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰিবুলায়া গগৈ।

ইয়াকেলৈ এতিয়ালৈকে মনোনয়ন নাকচ হোৱা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ সংখ্যা হৈছেগৈ ৪ গৰাকী। ইতিমধ্যে অসম জাতীয় পৰিষদ দলৰ দুজনকৈ প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে।

পূৰ্বে মনোনয়ন নাকচ হোৱা অসম জাতীয়  পৰিষদৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে বটদ্ৰৱা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা অৰূপ কুমাৰ শইকীয়া আৰু মৰিয়নী সমষ্টিৰ পৰা এজেপিৰ প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰা অলোক ঘোষ।

মনোনয়ন দাখিলৰ সময়ত অৰূপ কুমাৰ শইকীয়াই চৰকাৰী চাকৰিৰ পৰা অব্যাহতি বিচাৰিছিল যদিও চৰকাৰে সেই আবেদনত অনমোদন জনোৱা নাছিল। একেদৰে অলোক ঘোষৰ ক্ষেত্ৰত নথি-পত্ৰ পৰ্যাপ্ত নাছিল।

দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পৰ্যাপ্ত নথিৰ অভাৱত ৰাজ্যিক নিৰ্বাচন আয়োগে নাকচ কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

দুয়োগৰাকী প্ৰাৰ্থীৰে মনোনয়ন নাকচ হোৱাত এতিয়া দুয়োটা সমষ্টিতে ৰাজনৈতিক সমীকৰণত যথেষ্ট পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে।বিশেষকৈ সমষ্টি দুটাত বিজেপি প্ৰাৰ্থীৰ বাবে এজেপি প্ৰাৰ্থীৰ মনোনয়ন নাকচ হোৱাৰ খবৰ আশাব্যঞ্জক হৈ পৰিছে।