NORTHEAST NOW (Assamese)
অসম

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ২৬ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2021 8:44 am
congress-rep-2-1615399728

অসম বিধানসভা নিৰ্বাচন, ২০২১ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰিছে ২৬ জনীয়া প্ৰাৰ্থীৰ তালিকা।

এই তালিকাত বাদ পৰিছে বহু ৰথী-মহাৰথীৰ নাম।

একেদৰে তালিকাত সন্নিবিষ্ট হৈছে বহু নতুন মুখ।১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১২ মাৰ্চ। মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন ১৫ মাৰ্চ আৰু মনৱোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৭ মাৰ্চ।

আহক চাওঁ কংগ্ৰেছে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাত কোনে কোনে স্থান লাভ কৰিলে—

কমলপুৰ: কিশোৰ কুমাৰ ভট্টাচাৰ্য

হাফলং:নিৰ্মল লাংথাছা

হাওৰাঘাট: সঞ্জীৱ টেৰণ

বৈঠালাংছ’: অগষ্টিন ইংঘি

নলবাৰী: প্ৰদ্যুৎ কুমাৰ ভূঞা

ছিপাঝাৰ: কুলদীপ বৰুৱা

মঙলদৈ: বসন্ত দাস

দলগাওঁ: মহম্মদ ইলিয়াছ আলি

জাগীৰোড: স্বপন কুমাৰ মণ্ডল

লাহৰীঘাট: ডঃআছিফ মহম্মদ নাজাৰ

ৰহা: শশীকান্ত দাস

নগাওঁ: শান্তনু শৰ্মা

বঢ়মপুৰ: সুৰেশ বৰা

হোজাই: দেৱকান্ত সাহা

লামডিং: স্বপন কৰ

ৰাতাবাৰী:শম্ভু সিং মোল্লাহ

পাথাৰকান্দি: শচীন চাহু

উত্তৰ কৰিমগঞ্জ:কমলাক্ষ দে’ পুৰকায়স্থ

দক্ষিণ কৰিমগঞ্জ: ছিদ্দিক আহমেদ

কাটলিচেৰা: সঞ্জীৱ ৰয়

শিলচৰ: তমল কান্তি বনিক

ধলাই: কামাখ্যা প্ৰসাদ মালা

উদাৰবন্দ: অজিৎ সিং

লক্ষীপুৰ: মুকেশ পাণ্ডে

বৰখলা: মিছবাহুল ইছলাম লস্কৰ

কাটিগড়া: খলিল উদ্দিন মজুমদাৰ

উল্লেখ্য কংগ্ৰেছে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকাত কমলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে বহু বছৰৰে পৰা টিকটৰ অপেক্ষাত থকা কিশোৰ কুমাৰ ভট্টাচাৰ্যক।

ফলত আশা ভংগ হ’ল অগপই টিকটৰ পৰা বঞ্চিত কৰা সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক সত্যব্ৰত কলিতাৰ। কলিতাই অগপৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছত কংগ্ৰেছত যোগদান কৰি টিকট লোৱাৰ চেষ্টা চলাইছিল।