NORTHEAST NOW (Assamese)
অসম

আই আই টি গুৱাহাটীৰ অধ্যাপক, নদীবান্ধ বিশেষজ্ঞ কমিটিৰ সদস্য চন্দন মহন্তৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2023 11:48 am

অসমৰ শৈক্ষিক জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি, নদীবান্ধ বিশেষজ্ঞ কমিটিৰ অন্যতম সদস্য অধ্যাপক চন্দন মহন্তৰ মঙলবাৰে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) গুৱাহাটীৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।

তেওঁ আইআইটি গুৱাহাটীৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীন আৰু চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ লগতে চেন্টাৰ ফৰ এনভাইৰনমেন্টৰ মুৰব্বী হিচাপে সেৱা আগবঢ়াইছিল।

তেওঁ বিগত ২ বছৰ ধৰি ব্ৰেইন টিউমাৰ গ্লাইবাষ্টমাত আক্ৰান্ত হৈ আছিল। চিকিৎসা চলি আছিল যদিও অৱশেষত তেওঁ মৃত্যুৰ ওচৰত হাৰ মানে।

গুৱাহাটী আইআইটিৰ প্ৰতিষ্ঠাকালৰ দিনবোৰত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নদী বিজ্ঞান আৰু জল বহনক্ষমতাৰ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পৰ ক্ষেত্ৰত তেওঁৰ অৱদান বিস্তৃত আছিল।

তেওঁ উত্তৰ-পূব ভাৰতীয় জলবিজ্ঞানৰ বিষয়ক অধ্যয়নত নিজৰ কেৰিয়াৰ উৎসৰ্গা কৰিছিল আৰু অগণন শিক্ষাৰ্থীক সামগ্ৰিকভাৱে সমাজৰ কল্যানমুখী লক্ষ্যত উপনীত হ’বলৈ প্ৰেৰণা দিয়াৰ লগতে উৎকৃষ্ট গৱেষণাৰ বাবে পথ প্ৰদৰ্শন কৰিছিল।

শিক্ষাৰ্থী সমাজৰ অন্তৰত অধ্যাপক মহন্তই এক বিশেষ স্থান দখল কৰিছিল।  সেয়েহে, তেওঁৰ অসুস্থতাৰ সময়ত গুণমুগ্ধসকল সদায় কাষত আছিল।

এগৰাকী উৎসৰ্গিত শিক্ষাবিদ, ক্ৰান্তদৰ্শী চিন্তাৰ বাহক অধ্যাপক মহন্তৰ বিয়োগত শৈক্ষিক সমাজত গভীৰ শোকৰ ছাঁ পৰিছে।