NORTHEAST NOW (Assamese)
অসম

ৰহস্য! : হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

Posted by: এন ই নাও নিউজ March 16, 2019 2:16 pm
Untitled-1 copy(3)

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ প্ৰভাৱ বিস্তাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক দেশৰ যিকোনো এটা সমষ্টি প্ৰতিদ্বন্দ্বিতাৰ বাবে বাচি ল’বলৈ দি পুৰস্কৃত কৰিব বিচাৰিছে।

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কেন্দ্ৰীয় নেতৃত্বক শৰ্মাৰ প্ৰাৰ্থিত্ব প্ৰদানৰ সময়ত অসমক অগ্ৰাধিকাৰ বাবে অনুৰোধ জনায়। টাইমছ অৱ ইণ্ডিয়াই এই বাতৰি প্ৰকাশ কৰিছে।

‘’আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেতিয়া মোক অৱগত কৰিছিল যে হিমন্তই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো দলে বিচাৰিছে আৰু তেওঁ পছন্দ অনুসৰি প্ৰতিদ্বন্দ্বিতাৰ বাবে যিকোনো সমষ্টি বাচি ল’ব পাৰে, মই লগে লগে ইয়াক এক উত্তম সিদ্ধান্ত বুলি জনাইছিলো কিন্তু তেওঁৰ বাবে সমষ্টি নিৰ্দ্ধাৰণ কৰাৰ সময়ত অসমক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ কৰিছিলো,’’-ৰঞ্জিত দাসৰ উদ্ধৃতিৰে বাতৰিটোত এইকথা প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰে পৰা মধুৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। আনকি, হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ বহু পূৰ্বেই অৰ্থাৎ তেওঁ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী থকাৰ সময়ৰে পৰা তেতিয়াৰ বিজেপি বিধায়ক দাসে ভাল সম্পৰ্ক ৰক্ষা কৰি আহিছে।

বৰ্তমান বিজেপিত সৰ্বেসৰ্বা হৈ পৰা হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনৰ ওপৰত নিয়ন্ত্ৰম সাৱ্যস্ত কৰি অহাৰ কথা সৰ্বজনবিদিত যদিও দলটোও লাহে লাহে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে শৰ্মাই।

আনহে নালাগে, এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰতো ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ভূমিকা নস্যাৎ কৰি হিমন্ত বিশ্ব শৰ্মাই সকলো ক্ষমতা কুক্ষিগত কৰিছে। সেয়েহে, বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ লেখীয়াকৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও হিমন্ত বিশ্বৰ শৰণাপন্ন হ’বলৈ একপ্ৰকাৰ বাধ্য হৈছে।