NORTHEAST NOW (Assamese)
Popular Stories

২৫ মে’ৰ পৰা উৰণ আৰম্ভ হ’ব ঘৰুৱা বিমানৰ! : প্ৰস্তুতি আৰম্ভ কৰিছে বিমান পৰিবহণ প্ৰতিষ্ঠানসমূহে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2020 7:19 pm
airlines1-1

দেশজুৰি ল’কডাউন অব্যাহত থাকিলেও চতুৰ্থ পৰ্যায়ত ইয়াক শিথিল কৰা হৈছে।

ল’কডাউন শিথিল কৰাৰ পিছতে অহা ২৫ মে’ ৰ পৰা দেশত ঘৰুৱা বিমানৰ উৰণ পুনৰ আৰম্ভ হ’ব পাৰে!

ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি ল’কডাউন অব্যাহত থকাৰ সমান্তৰালভাৱে আন্তৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান উৰণ বন্ধ আছে।

চতুৰ্থ পৰ্যায়ৰ ল’কডাউন কিছু শিথিল কৰি দিয়াৰ পিছত দেশৰ আটাইকেইটা বিমান পৰিবহণ প্ৰতিষ্ঠানে আগন্তুক সপ্তাহৰ পৰা উৰণ পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

এক টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে অসমাৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে।

যাত্ৰীৰ পৰিবহণ মাপক পদ্ধতিক মন্ত্ৰালয়ে পৃথক ভাৱে জাৰি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে।

অৱশ্যে ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সহযোগ নকৰিলে কেন্দ্ৰই একপক্ষীয়ভাৱে পুনৰ ঘৰুৱা বিমানৰ উৰণৰ সিদ্ধান্ত ল’ব নোৱাৰিব। কালি এই কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, যোৱা ২২ মাৰ্চ পৰা আন্তৰাষ্ট্ৰীয় আৰু ২৫ মাৰ্চৰ পৰা ঘৰুৱা বিমানৰ উৰণ বন্ধ হৈ আছে।

অৱশ্যে পণ্য সামগ্ৰী সৰবৰাহৰ বাবে দেশত কাৰ্গ’ বিমানৰ চলাচল অব্যাহত আছে।

ইফালে ডিজিচিএ এয়াৰলাইন্সসমূহক আন্তৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান যাত্ৰীৰ অনলাইন বুকিঙো বন্ধ কৰাৰ নিৰ্দেশ দিছিল।

আনহাতে আন্তৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান উৰণৰ সম্পৰ্কত অসামৰিক বিমান পৰিবহণে এতিয়ালৈকে কোনো কথা জনোৱা নাই।