NORTHEAST NOW (Assamese)
দেশ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2025 4:21 pm
কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

চৰকাৰীভাবে বন্ধ কৰা হৈছে জনপ্ৰিয় নিউজ পৰ্টেল দ্য ৱায়াৰ। ৱায়াৰে সামাজিক মাধ্যমত এক বিবৃতিযোগে এই কথা সদৰী কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে সমগ্ৰ দেশতে দ্য ৱায়াৰৰ ৱেবচাইট বন্ধ কৰি দিয়া হৈছে। আই টি এক্ট, ২০০০ৰ অধীনত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ আদেশত দ্য ৱায়াৰক নিষিদ্ধ কৰা হৈছে।

ৱায়াৰে বিবৃতিটোত কয় যে তেওঁলোকে ‘চেন্সৰশ্বিপ’ৰ বিৰুদ্ধে থিয় দিছে আৰু চৰকাৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে, ‘আমি ভাৰতৰ বাবে এনে এক জটিল সময়ত এই চেঞ্চৰশ্বিপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো যেতিয়া সুস্থ, সত্য, ন্যায়পৰায়ণতা, যুক্তিবাদী কণ্ঠ, বাতৰি আৰু তথ্যৰ উৎস ভাৰতৰ আটাইতকৈ ডাঙৰ সম্পত্তিৰ ভিতৰত অন্যতম।