NORTHEAST NOW (Assamese)
দেশ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2025 5:13 pm

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক নাগৰিক প্ৰতিৰক্ষা আইন অনুসৰি জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে। পাকিস্তানৰ সৈতে সীমান্তৰ উত্তেজনা বৃদ্ধি পোৱাক লৈ শুকুৰবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আই বি মুৰব্বীৰ সৈতে হোৱা জৰুৰী বৈঠকৰ অন্তত গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনা প্ৰেৰণ কৰে।

গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি শুকুৰবাৰে সকলো ৰাজ্যৰ গৃহ সচিব আৰু প্ৰশাসনক নাগৰিক প্ৰতিৰক্ষা আইনৰ অধীনত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ কোৱা হৈছিল। এই নিৰ্দেশনাৰ প্ৰধান কাৰণ হ’ল ৰাজ্য চৰকাৰসমূহে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

উল্লেখ্য যে ১৯৬৮ চনৰ অসামৰিক প্ৰতিৰক্ষা নিয়মৰ ১১ নং নিয়ম অনুসৰি যুদ্ধ পৰিস্থিতিত শত্ৰুৰ শিবিৰৰ পৰা আক্ৰমণ আহিলে ৰাজ্যসমূহে বিশেষ ক্ষমতা প্ৰয়োগ কৰিব পাৰে।