NORTHEAST NOW (Assamese)
দেশ

চিগাৰেট ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই বন্ধুক হত্যা: হত্যাত অভিযুক্ত ‘বন্ধু’ক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 12, 2022 10:05 pm
Man Kills Friend

মহাৰাষ্ট্ৰৰ থানে জিলাত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই সম্প্ৰতি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জিলাখনৰ ডম্বিভিলি চহৰত এগৰাকী ব্যক্তিয়ে চিগাৰেট ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই নিৰ্দয়ভাৱে প্ৰহাৰ কৰি হত্যা কৰিছে।

এই আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছিল গত ৪ নৱেম্বৰত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হত্যাৰ বলি হোৱা জয়েশ যাদৱে (৩৮) হত্যাত অভিযুক্ত বন্ধুৰ লগতে আন কেইগৰাকীমান বন্ধুৰ সৈতে পাৰ্টি কৰাৰ উদ্দেশ্যে ৰাওনা হৈছিল।

অভিযুক্ত বন্ধুগৰাকীয়ে জয়েশক ফোন যোগে চিগাৰেট আনিবলৈ কোৱাৰ পিছত বন্ধুগৰাকীৰ কথা অস্বীকাৰ কৰিছিল জয়েশে। চিগাৰেট নোলোৱাকৈয়ে জয়েশ বন্ধুগৰাকীৰ ঘৰত উপস্থিত হোৱাৰ পিছত অভিযুক্ত বন্ধুগৰাকীয়ে জয়েশক প্ৰহাৰ কৰে।

বন্ধুৰ এই অতৰ্কিত আক্ৰমণত মূৰত আঘাত পায় জয়েশে। এনে পৰিস্থিতিত পাৰ্টি নকৰাকৈয়ে নিজ গৃহলৈ উভতি যায় জয়েশ। কিন্তু এই ঘটনাৰ পিছদিনাই তেওঁৰ মৃত্যু হয়।

আৰক্ষীয়ে প্ৰথমতে দুৰ্ঘটনাজনিত কাৰণত জয়েশৰ মৃত্যুৰ হোৱা বুলি সন্দেহ কৰিছিল যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত জয়েশৰ পৰিয়ালে অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত বন্ধুগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকীক নিজৰ জিম্মাত লৈছে। ঘটনাৰ উপযুক্ত তদন্ত কৰি অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।