NORTHEAST NOW (Assamese)
Popular Stories

দেশত ক’ৰ’নাই পুনৰ গঢ়িলে ৰেকৰ্ড, এদিনত সৰ্বাধিক লোক আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2020 10:51 am

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৯৭,৫৭০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১২০১ গৰাকী ৰোগী।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪৬,৫৯,৯৮৪ গৰাকী আৰু মৃত্যু হৈছে ৭৭,৪৭২ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া প্ৰায় ৯.৫৮ লাখ ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩৬ লাখৰো অধিক ৰোগী ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

ইফালে সমগ্ৰ বিশ্বত এই পৰ্যন্ত ২৮,৩৩১,১২১ গৰাকী লোক মহামাৰী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯১৩,০১৫ গৰাকী লোকৰ মৃত্যু হৈছে।