NORTHEAST NOW (Assamese)
অসম

ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ অৱস্থান ধৰ্মঘট

Posted by: মিণ্টু দাস September 4, 2018 9:45 pm
Krishak Sramik Unnayan Parishad

যৌন কেলেংকাৰিত অভিযুক্ত নগাঁৱৰ সাংসদ তথা কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত কৃষক-শ্ৰমিক উন্নয়ন পৰিষদে আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত পৰিষদৰ কেন্দ্ৰীয় আৰু নগাঁও জিলা সমিতিৰ যৌথ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে, জিলাখনৰ এগৰাকী মহিলাই সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছত সাংসদগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৭/৩৭৬/৫০৬ ধাৰাত তিনিটাকৈ গোচৰ পঞ্জীয়ন হৈছিল।

আশ্চৰ্যজনক বিষয় যে, সাংসদগৰাকীৰ বিৰুদ্ধে উক্ত অভিযোগত জামিনবিহীন গোচৰ পঞ্জীয়ন হোৱাৰ পিছতো নগাঁও আৰক্ষীয়ে ক্ষমতাত বলীয়ান জনপ্ৰতিনিধিৰ বিৰুদ্ধে অতি লজ্জাজনকভাৱে বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব পৰা নাই।

পৰিষদৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কলিতা, যুটীয়া সম্পাদক উৎপল বৰুৱা, জিলা সভাপতি-সাধাৰণ সম্পাদক প্ৰাণতোষ হাজৰিকা, অম্লানজ্যোতি মহন্ত প্ৰমুখ্যে প্ৰায় শতাধিক সদস্যই মন্ত্ৰী গোহাঁইক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তোলে।

পিছত প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তৰ জৰিয়তে উক্ত বিষয় উল্লেখ কৰি ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।