NORTHEAST NOW (Assamese)
অসম

Nayyara Noor: অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ ‘বুলবুল’ কিংবদন্তি গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2022 8:40 am

Assam-born Pakistan melody queen Nayyara Noor কিংবদন্তী পাকিস্তানী গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি ঘটিছে। বাতৰি অনুসৰি, দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত কিংবদন্তি গায়িকাগৰাকীৰ কৰাচীত থকা তেওঁৰ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

নুৰৰ পৰিয়ালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে দেওবাৰে আবেলি ৪ বজাত তেওঁক সমাধিস্থ কৰা হৈছে। তেওঁ এগৰাকী গজল গায়িকা হিচাপে প্ৰসিদ্ধ আছিল। নায়াৰাক তেওঁৰ সুমধুৰ কণ্ঠস্বৰৰ বাবে পাকিস্তানৰ ‘বুলবুল’ বুলি কোৱা হয়।

১৯৫০ চনৰ ৩ নৱেম্বৰত অসমৰ গুৱাহাটীত নায়াৰা নুৰৰ জন্ম হৈছিল। বেগম আখটাৰৰ গজল, কানন দেৱীৰ ভজন শুনি ডাঙৰ-দীঘল হৈছিল নায়াৰা। তেওঁ এটা ব্যৱসায়ী পৰিয়ালৰ কন্যা আছিল। নায়াৰাৰ পিতৃ অল ইণ্ডিয়া মুছলিম লীগৰ এজন সক্ৰিয় সদস্য আছিল।

নায়াৰা নুৰ।

১৯৫৭ চনত মাত্ৰ ৭ বছৰ বয়সত নায়াৰাই তেওঁৰ মাতৃ আৰু ভাই-ভনীৰ সৈতে পাকিস্তানলৈ গুচি যায়। অৱশ্যে, তেওঁৰ পিতৃয়ে তেওঁৰ পৰিয়ালৰ স্থাৱৰ সম্পত্তিৰ চোৱাচিতা কৰিবলৈ ১৯৯৩ চনলৈকে অসমত আছিল।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নুৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত লিখিছে, “নায়াৰা নুৰে যি গাইছে, সেয়াই পূৰ্ণতা পাইছে। নায়াৰা নুৰৰ মৃত্যুত সৃষ্টি হোৱা শূন্যতা কেতিয়াও পূৰণ নহ’ব। মই তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো।‘’

জানিব পৰা মতে, নায়াৰা নুৰৰ সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। লাহোৰৰ ইছলামিয়া কলেজত পঢ়ি থকাৰ সময়ত কলেজখনৰ এজন অধ্যাপকে তেওঁক আৱিষ্কাৰ কৰে। তাৰ পিছত তেওঁক লাহোৰৰ নেচনেল কলেজ অৱ আৰ্টছত এক অনুষ্ঠানত গান গাবলৈ কোৱা হৈছিল।

১৯৭১ চনত নায়াৰা নুৰে প্ৰথমবাৰৰ বাবে পাকিস্তানত এখন ধাৰাবাহিকৰ বাবে গান গাইছিল। পিছত তেওঁ ‘ঘৰানা’, ‘তানসেন’ৰ দৰে চলচ্চিত্ৰত গান গাইছিল। নায়াৰাই প্ৰখ্যাত গজল গায়ক মেহেদী হাছান আৰু জনপ্ৰিয় গায়ক আহমেদ ৰুশ্দীৰ সৈতেও গান গাইছিল।  তিনিবাৰকৈ সোণৰ পদক লাভ কৰাৰ উপৰিও তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ পৰা ‘প্ৰাইড অফ পাৰ্ফমেন্স’ বঁটা লাভ কৰিছিল।