NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত অনুপ্ৰৱেশৰ চেষ্টা সন্ত্ৰাসবাদীৰ: পুনৰ নিহত দুই সন্দেহযুক্ত সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 23, 2022 4:55 pm
Terrorist killed in Jammu-Kashmir

ধাৰাবাহিকভাৱে চলি থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ মাজতে জম্মু-কাশ্মীৰত পুনৰ নিহত হৈছে দুই সন্দেহযুক্ত সন্ত্ৰাসবাদী। এইবাৰ এই ঘটনা সংঘটিত হৈছে ৰাজৌৰী জিলাত।

ৰাজৌৰী জিলাৰ নৌচেৰা খণ্ডত নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টা চলাওঁতেই দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদী নিহত হয় বুলি সেনাৰ এগৰাকী উচ্চপ্ৰদস্থ আজি জানিবলৈ দিছে।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে যি স্থানত অনুপ্ৰৱেশৰ চেষ্টা কৰা হৈছিল, সেই স্থানত সেনাই পৰীক্ষা কৰিছে আৰু কোৱাডকপ্টাৰৰ দ্বাৰা পৰীক্ষণত অনুপ্ৰৱেশকাৰীৰ দুটা মৃতদেহ দেখা গৈছে।

তথ্য অনুসৰি সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ এটা দলে সীমান্তৰ সিপাৰৰ পৰা অন্ধকাৰৰ আৱৰণত নৌচেৰাৰ লামৰ পুখাৰনি গাঁৱত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।

সন্ত্ৰাসবাদী গোটটোৱে অনুপ্ৰৱেশৰ সোমবাৰে নিশা প্ৰায় ১০ বজাত অনুপ্ৰৱেশৰ চেষ্টা চলাওঁতে এটা লেণ্ডমাইনৰ ওপৰত ভৰি পৰাত বিস্ফোৰণ ঘটিছিল বুলি আৰক্ষী বিষয়া গৰাকীয়ে উল্লেখ কৰে।

আনহাতে সন্ত্ৰাসবাদীৰ গতিবিধি লক্ষ্য কৰি থকা সেনাৰ দলটোৱে আজি পুৱা সমগ্ৰ অঞ্চলটোত সেনাই তালাচী চলায় বুলিও তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে দেওবাৰেও নৌচেৰা খণ্ডত অনুপ্ৰৱেশৰ চেষ্টা চলাওঁতে আঘাতপ্ৰাপ্ত অৱস্থাত পাকিস্তানী সেনাৰ এটা চোৰাংচোৱা গোটৰ বাবে কাম কৰা লস্কৰ-ই-তৈবাৰ গাইড এজনক গ্ৰেপ্তাৰ কৰিছিল ভাৰতীয় সেনাই।