NORTHEAST NOW (Assamese)
অসম

বিজেপিক গালি দিয়াৰ পৰিবৰ্তে শ্বেৰমান আলিয়ে কংগ্ৰেছক গালি পাৰে: আব্দুল খালেক

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী August 25, 2022 12:21 pm
Sherman Ali

সতীৰ্থ শ্বেৰমান আলীৰ সমালোচনাত মুখৰ হৈছে এইবাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে বিজেপিক গালি দিয়াৰ পৰিবৰ্তে কংগ্ৰেছকহে গালি পাৰে বুলি মন্তব্য কৰিছে সাংসদ খালেকে।

খালেকে কয় যে শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰিলেই মুক্ত পক্ষী হৈ পৰিব। সেয়ে বিতৰ্কিত বিধায়ক গৰাকী যাতে মুক্ত পক্ষী হ’ব নোৱাৰে তাৰ বাবে শ্বেৰমান আলীক বৰ্খাস্ত কৰা হোৱা নাই বুলি উল্লেখ কৰে খালেকে।

অৱশ্যে বৰ্খাস্ত নকৰিলেও আলীক ইতিমধ্যে কংগ্ৰেছে খেদিলেই বুলিও খালেকে মন্তব্য কৰে।

খালেকে কয়, “বিজেপি চৰকাৰে তেওঁক জেলত ভৰাইছিল। অথচ তেওঁ বাৰে প্ৰতি কংগ্ৰেছতকৈ বিজেপি ভাল বুলি উল্লেখ কৰি আহিছে।”

“জেলত ভৰোৱাৰ বাবে শ্বেৰমান আলীয়ে গালি পাৰিব লাগিছিল বিজেপিক বা হিমন্ত বিশ্ব শৰ্মাক। কিন্তু তাৰ পৰিৱৰ্তে তেওঁ আকৌ গালি পাৰে কংগ্ৰেছ হে। তেওঁ এতিয়া কংগ্ৰেছত নাই।”- খালেকে লগতে কয়।