NORTHEAST NOW (Assamese)
অসম

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 31, 2023 7:18 am
এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে যে ব্যক্তিগত চেনেলবোৰে দৈনিক ভিত্তিত চৰকাৰী কাৰ্যসূচী সম্প্ৰচাৰ কৰিব লাগিব। সোমবাৰে জাৰি কৰা এক বিবৃতিত মন্ত্ৰালয়ে কয় যে কিছুমান কাৰ্যসূচী প্ৰতিদিনে কমেও ৩০ মিনিটৰ বাবে প্ৰদৰ্শন কৰিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰালয়ে বিভিন্ন ক্ষেত্ৰত ৰাজহুৱা স্বাৰ্থত প্ৰচাৰিত কাৰ্যসূচী সম্প্ৰচাৰ কৰাটো বাধ্যতামূলক কৰিছে।

নিৰ্দেশনা অনুসৰি, প্ৰতি মাহে এই সম্প্ৰচাৰৰ লগত সম্পৰ্কিত সকলো তথ্যৰ সৈতে এক প্ৰতিবেদন ব্ৰডকাষ্ট সেৱা পৰ্টেলত দাখিল কৰিব লাগিব।

লগতে পঢ়ক: বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবৃতিটোত মন্ত্ৰালয়ে ৯টা বিভাগৰ কথা উল্লেখ কৰিছে। শিক্ষা, কৃষি, বিজ্ঞান, মহিলা কল্যাণৰ দৰে ক্ষেত্ৰৰ ওপৰত চৰকাৰী কাৰ্যসূচী ব্যক্তিগত চেনেলসমূহত প্ৰদৰ্শন কৰিব লাগিব। মন্ত্ৰালয়ে লগতে নিৰ্দেশ দিছে যে দেশৰ অখণ্ডতা আৰু পৰিয়াল পৰিকল্পনাৰ সৈতে সম্পৰ্কিত কাৰ্যসূচীসমূহো সম্প্ৰচাৰ কৰিব লাগিব। এই ৯টা বিষয়ৰ ভিতৰত ঘূৰাই ফিৰাই ব্যক্তিগত টিভি চেনেলে প্ৰতিদিনে আধা ঘণ্টা সময় আৱণ্টন কৰিব লাগিব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি অনুসৰি ব্যক্তিগত চেনেলসমূহৰ সৈতে দীঘলীয়া আলোচনা হৈছে। মন্ত্ৰালয়ে তেওঁলোকৰ মতামতৰ ওপৰত ভিত্তি কৰি নতুন নিৰ্দেশনা জাৰী কৰিছে। দেশৰ গুৰুত্ব আৰু সামাজিক প্ৰাসংগিক বিষয়বোৰৰ ওপৰত ৩০ মিনিটৰ কাৰ্যসূচী প্ৰদৰ্শন কৰিব লাগিব। একেৰাহে আধা ঘণ্টা নহলেও ভাগ কৰি হ’লেও এই সময়সীমা প্ৰতিদিনে পূৰণ কৰিব লাগিব।

কেন্দ্ৰই নিৰ্ধাৰণ কৰা বিষয়বোৰৰ ভিতৰত আছে শিক্ষা আৰু সাক্ষৰতা, কৃষি আৰু গ্ৰাম্য উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি, মহিলাৰ কল্যাণ, সমাজৰ পিছপৰা শ্ৰেণীৰ বিকাশ। একে সময়তে, ৰাষ্ট্ৰীয় অখণ্ডতা, পৰিৱেশ আৰু সংস্কৃতি সুৰক্ষিত কৰাৰ বাবে ব্যক্তিগত চেনেলসমূহত এই কাৰ্যসূচী সম্প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

লগতে পঢ়ক: মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

অৱশ্যে, বিবৃতিটোৰ শেষত মন্ত্ৰালয়ে কোৱা হৈছে যে ব্যক্তিগত চেনেলবোৰক জোৰ কৰা হোৱা নাই। নতুন নিৰ্দেশনাবোৰ তেওঁলোকৰ সন্মতিতে প্ৰকাশ কৰা হৈছে।