NORTHEAST NOW (Assamese)
অসম

দুৰ্গা পূজাৰ ১৫ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায় দিয়াৰ দাবী চাহ মজদুৰ সংঘৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 3, 2019 7:19 pm
assam-chah-mazdoor-sangha-demands-workers-of-state-owned-tea-estates-be-paid-at-par-with-private-estates

আগন্তুক দুৰ্গা পূজাৰ ১৫ দিনৰ পূৰ্বে ২০ শতাংশ বোনাচ শ্ৰমিকক আদায় দিয়াৰ বাবে চাহ বাগিচা কৰ্তৃপক্ষসকলক দাবী জনাইছে  অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখায়।

সংগঠনটোৱে মঙলবাৰে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত শাখা সম্পাদক তপন কৰ্মকাৰে আগন্তুক বোনাচক কেন্দ্ৰ কৰি কোনো বহিৰা সংগঠনে যাতে শ্ৰমিকক মাজত অপপ্ৰচাৰ চলাই বাগিচাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বিশেষ সতৰ্কতা অবলম্বন কৰিবলৈ বাগিচা সংঘবোৰৰ লগতে গাওঁৰক্ষী বাহিনীক আহ্বান জনায়।

পূজাৰ আগে পাচে চাহ বাগিচাত মদৰ প্ৰচলন একেবাৰে নিষিদ্ধ কৰাৰ বাবেও বোকাখাত শাখাই প্ৰশাসনক দাবী জনায়।

আনহাতে, অতিৰিক্ত বোনাচ সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চাহ উদ্যোগ প্ৰসংগত কৰা মন্তব্যক গৰিহনা দিয়ে চাহ মজদূৰ সংঘৰ বোকাখাত শাখায়।

তদুপৰি, যোৰহাটৰ টিয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত বোকাখাত শাখাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ঘটনাৰ লগত জড়িত ব্যক্তিক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনায়৷