NORTHEAST NOW (Assamese)
অসম

কোভিডত আক্ৰান্ত হ’ল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 14, 2022 10:51 am

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামা কোভিডত আক্ৰান্ত হৈছে।

আজি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে টুইটাৰত কয় যে তেওঁৰ কৰোনা ভাইৰাছৰ পৰীক্ষা ইতিবাচক আহিছে। কিছুদিন ধৰি তেওঁৰ ডিঙি খজুৱতি হৈছিল বুলিও অবামাই প্ৰকাশ কৰে।

ইপিনে অ’বামাৰ পত্নী মিচেল কোভিডত আক্ৰান্ত হোৱা নাই বুলি অবামাই  সদৰী কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা অ’বামাই টুইটাৰত লিখিছে— “মিচেল আৰু মই টিকাকৰণ কৰিছো যদিও মোৰ কোভিডৰ পৰীক্ষাৰ ফলাফল ইতিবাচক আহিছে।”

উল্লেখ্য কোভিডে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা আমেৰিকাত এতিয়ালৈকে ৭৯ নিযুতৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে আৰু প্ৰায় ৯,৬৭,০০০ গৰাকী লোকৰ মৃত্যু ঘটিছে।