NORTHEAST NOW (Assamese)
অৰুণাচল

ৰিঙত বাগৰি পৰাৰ পিছত মৃত্যুক সাৱটিলে অৰুণাচলৰ ২৪ বছৰীয়া কিকবক্সাৰ ইয়োৰা টাডে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2022 7:31 am

ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ফাইনেল খেলৰ সময়ত ৰিঙত বাগৰি পৰাৰ পিছত মঙলবাৰে দক্ষিণ ভাৰতৰ চেন্নাই চহৰৰ এখন চৰকাৰী চিকিৎসালয়ত ভাৰতীয় কিকবক্সাৰ অৰুণাচল প্ৰদেশৰ ইয়োৰা টাডেৰ মৃত্যু হয়।

চিকিৎসালয়খনে বুধবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে “ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলৰ সময়ত তেওঁৰ মূৰত কঠিন আঘাত পোৱাৰ পিছত” ২৪ বছৰীয়া টাডেক দেওবাৰে চেন্নাইৰ ৰাজীৱ গান্ধী চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

চিকিৎসালয়খনে ইয়াৰ এক বিবৃতিত কয় যে  চিকিৎসকসকলে তেওঁৰ অস্ত্ৰোপচাৰ কৰি তেওঁক আইচিইউত ভৰ্তি কৰিছিল। কিন্তু মঙলবাৰে চিকিৎসাৰ প্ৰতি সঁহাৰি নিদি টাডেৰ মৃত্যু হয়।

টাডে অৰুণাচল প্ৰদেশৰ পৰা আহিছিল আৰু আঘাতৰ সন্মুখীন হোৱা সময়ত তেওঁ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰতিদ্বন্দিতা আগবঢ়াই আছিল।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰি কয়, “আমাৰ উদীয়মান কিকবক্সাৰ ইয়োৰা টাডে স্বৰ্গবাসী হোৱাৰ কথা জানি স্তম্ভিত হৈছো। তেওঁ অতি সোনকালে আমাক এৰি গ’ল, প্ৰিয় টাডে! মোৰ দুখ প্ৰকাশ কৰিবলৈ কোনো ভাষা নাই।”