NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা ভাৰতত উপলব্ধ দেশৰ প্ৰথমটো জৰায়ুৰ কৰ্কট প্ৰতিৰোধী ভেকছিন, কিমান বয়সৰ পৰা ল’ব পৰা যাব ভেকছিন?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 1, 2022 1:09 pm

জৰায়ুৰ কৰ্কট দেশৰ মহিলাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক বৃহৎ ভাবুকি স্বৰূপ হৈ পৰিছে। সাধাৰণতে ১৫ৰ পৰা ৪৪ বছৰীয়া নাৰীৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাদুৰ্ভাব বেছিকৈ হোৱা দেখা যায়। নিৰাশাৰ মাজত আশাৰ বতৰা বহন কৰি আজিৰে পৰা দেশৰ বজাৰত উপলব্ধ হ’ব জৰায়ুৰ কৰ্কট প্ৰতিৰোধ কৰিব পৰা ভেকছিন।

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে আজি এই ভেকছিন বিধ জনতাৰ নামত উৎসৰ্গা কৰিব।

জৰায়ুৰ কৰ্কট প্ৰতিৰোধ কৰিব পৰা ভেকছিনবিধ প্ৰস্তুত কৰিছে পুনেৰ চিৰাম ইনষ্টিটিউটে। কৰোনাৰ ভেকছিন প্ৰস্তুত কৰি বিশ্বত খলকনি তোলা চিৰামে জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিহত কৰাৰ বাবে নতুন ভেকছিনবিধ প্ৰস্তুত কৰিছে। দৰাচলতে জৰায়ুৰ কৰ্কট ৰোগৰ আঁৰত আছে হিউমেন পেপিলোমা ভাইৰাছ (এইচপিভি) নামৰ এবিধ ভাইৰাছ।

চিৰামৰ ভেকছিনবিধে সেই ভাইৰাছবিধ প্ৰতিৰোধ কৰি মহিলাসকলক জৰায়ুৰ কৰ্কটৰ পৰা ৰক্ষা কৰিব পাৰিব। ভেকচিন বিধৰ প্ৰসংগত কোভিড ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ এন কে অৰোৰাই কয়, “আমি অত্যন্ত সুখী যে আমাৰ ছোৱালীসকলে অৱশেষত এই বহু প্ৰতীক্ষিত ভেকছিনবিধ লাভ কৰিলে। এই ভেকছিন ভাৰততে তৈয়াৰ কৰা হৈছে। মই আশা কৰোঁ যে ৯ ৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ টিকাকৰণ কাৰ্যসূচী সোনকালেই আৰম্ভ কৰা হ’ব। ”

চিৰামৰ ভেকছিনে শৰীৰত জৰায়ুৰ কৰ্কট সৃষ্টিকাৰী হিউমেন পেপিলোমা ভাইৰাছ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি মহিলাসকলক এই ৰোগৰ পৰা ৰক্ষা কৰিব পাৰিব।