NORTHEAST NOW (Assamese)
অসম

Jharkhand Trust Vote: দিল্লীৰ পিছত, ঝাৰখণ্ডত ফ্লপ হ’ল অপাৰেচন ল’টাছ! আস্থা ভোটত জিকিল হেমন্ত ছোৰেন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 5, 2022 3:36 pm

Jharkhand CM Hemant Soren wins trust vote পশ্চিমবংগৰ হাওৰাৰ পঞ্চলাত বৃহৎ পৰিমাণৰ ধনৰ সৈতে ঝাৰখণ্ডৰ তিনিজন বিধায়কক গ্ৰেপ্তাৰ কৰাৰ তদন্তত প্ৰকাশ পাইছিল যে বিজেপিয়ে হেমন্ত ছোৰেনক উফৰাবলৈ  চেষ্টা কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো ইয়াৰ সৈতে জড়িত হৈ পৰিছিল। বিজেপিৰ বিৰুদ্ধে উঠিছে অভিযোগ।

সোমবাৰে ঝাৰখণ্ড বিধানসভাত আস্থা ভোটত সদনৰ মজিয়া এৰি গুচি যায় বিজেপিৰ বিধায়কসকল। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে আস্থা ভোটত জয়ী হ’ল। হেমন্ত ছোৰেনে ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত ৪৮ টা ভোট লাভ কৰি জয়লাভ কৰে।

লগতে পঢ়ক: লক্ষ্ণৌৰ হোটেলত ভয়াৱহ অগ্নিকাণ্ড: ছয়গৰাকী নিহত, আহত কেইবাগৰাকীও

বিজেপি বিৰোধী শিবিৰে দাবী কৰে যে দিল্লীৰ পিছত এইবাৰ ঝাৰখণ্ডতো বিজেপিৰ অপাৰেচন ল’টাছ ফ্লপ হৈ পৰিল।

আস্থা ভোটত জয়ী হোৱাৰ পিছত হেমন্ত ছোৰেনে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ কৰিছিল। মানুহে কাপোৰ কিনিছ, বিজেপি কিনে বিধায়ক।

ঝাৰখণ্ডত অনুমান কৰা হৈছিল যে কংগ্ৰেছৰ কিছুমান বিধায়কে মিত্ৰতা ভংগ কৰি বিজেপিৰ সৈতে যোগাযোগ কৰি আছে। তেওঁলোকে আস্থা ভোটত বিৰোধী শিবিৰত ভোট দিব পাৰে।

লগতে পঢ়ক: পুনৰ বৃদ্ধি ন্যায়িক জিম্মাৰ ম্যাদ: ১৯ ছেপ্টেম্বৰলৈকে কাৰাগাৰতে শিৱসেনা নেতা সঞ্জয় ৰাউট

ৰাজ্যখনত হেমন্ত ছোৰেনৰ ৩০ জন বিধায়ক আছে। আনহাতে, কংগ্ৰেছৰ বিধায়ক আছে ১৮ জন। হেমন্ত ছোৰেনে আস্থা ভোটত ৪৮ টা ভোট লাভ কৰিয়েই বিজয়ী হয়।