NORTHEAST NOW (Assamese)
অসম

উত্তৰ বঙাইগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনী গঠন

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও September 15, 2022 9:43 am

বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ তদৰ্থ কমিটিৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে বিদ্যালয় সমিতিৰ সভাপতি অজয় কুমাৰ ৰায়ে৷ সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেশ্বৰ নাথ, শিক্ষক নৃপেন তালুকদাৰ, কণিকা বৰ্মন, প্ৰবোধ চৌধুৰী, নীলিমা ৰায়, প্ৰদীপ কলিতা, প্ৰণীতা চৌধুৰী আদিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷

সভাত ভাষণ প্ৰদান কৰি সকলোৱে শিক্ষানুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে ৷ এই সভাতেই গৌতম চৌধুৰীক সভাপতি, জ্যোৎস্না চৌধুৰী আৰু শকুন্তলা ৰায়ক উপ সভাপতি, গৌতম ৰায় আৰু কল্লোল দেৱ শৰ্ম্মাক সম্পাদক, বিদ্যুত জ্যোতি শৰ্ম্মা আৰু ভূপেন নাথক সহ সম্পাদক হিচাপে লৈ উত্তৰ বঙাইগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীখন গঠন কৰা হয় ৷