NORTHEAST NOW (Assamese)
Popular Stories

বলীউডত ইয়োহানিৰ আত্মপ্ৰকাশ; ‘থ্যাংক গড’ ছবিত এইবাৰ হিন্দীত শুনা যাব ‘মানিকে মাগে হিথে’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2022 3:57 pm

শ্ৰীলংকাৰ যুৱ ইউটিউবাৰ ইয়োহানি ডি চিলভাৰ কণ্ঠত ‘মানিকে মাগে হিথে’ গানটোৱে এসময়ত সামাজিক মাধ্যমত তোলপাৰ লগাইছিল। গোটেই দিনধৰি ম’বাইল ফোনবোৰত এই গানটোৱে কেৱল বাজিছিল। গানটো প্ৰথমে শ্ৰীলংকাৰ ৰেপাৰ সথিশান ৰথনায়কে গাইছিল, পিছত তেওঁ ইয়োহানিৰ সৈতে কভাৰ কৰিছিল। তেতিয়াৰে পৰা কেইবাগৰাকীও ভাৰতীয় তাৰকাই সিংহলী গায়িকাৰ গানটোত নৃত্য কৰিছে।

শীঘ্ৰেই আহি আছে অজয় দেৱগনৰ ছবি ‘থ্যাংক গড’। সিংহলী গায়িকা ইয়োহানি ডি চিলভাই এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। তেওঁ বলীউডৰ এই চলচ্চিত্ৰখনৰ বাবে নতুনকৈ ‘মানিক মাগে হিথে’ গাইছে। গানটোৰ কথাবোৰ এইবাৰ হিন্দীলৈ ৰূপান্তৰিত হৈছে।

‘থ্যাংক গড’ৰ ইয়োহানিৰ এই গানটো তানিষ্ক বাগচীয়ে পৰিচালনা কৰিছে। গানটো ৰেকৰ্ডিং কৰাৰ পিছত ইয়োহানিয়ে কৈছিল যে হিন্দীত এই গানটো গোৱাটো তেওঁৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল।

হিন্দী সংস্কৰণত গানটো গোৱাৰ বিষয়ে ইয়োহানিয়ে কয়, “ভাষাটো শিকা, আয়ত্ব কৰাটো মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল। মই সৰুৰে পৰা হিন্দী গান বহুত শুনিছোঁ। কিন্তু চিনেমা এখনৰ বাবে গান গোৱাটো একেবাৰে বেলেগ বিষয়। তাত মই এগৰাকী অভিনেত্ৰীৰ কণ্ঠত গান নিগৰাব লাগিব। উচ্চাৰণ, কণ্ঠৰ ভংগী, তান – সকলোবোৰ সঠিক ৰাখিব লাগে। মই এইটো আগতে কেতিয়াও কৰা নাই। গতিকে এইটো মোৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।‘’ সংগীত পৰিচালক তানিষ্ক বাগচীও ইয়োহানিৰ সৈতে কাম কৰি বহুত সুখী।

পৰিচালক ইন্দ্ৰ কুমাৰৰ আহিবলগীয়া ছবি ‘থ্যাংক গড’। ‘মানিক মাগে হিথে’ প্ৰদৰ্শনৰ বাবে সাজু হৈছে। চলচ্চিত্ৰখনত অজয় দেৱগন, সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰাকুল প্ৰীত সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰাকুল প্ৰীত সিঙক এই ছবিখনত সিদ্ধাৰ্থৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ‘আয়াৰী’ৰ পিছত যুটীটোক পুনৰ একেলগে দেখা যাব। ছবিখন ২৫ অক্টোবৰত অৰ্থাৎ দেৱালীত মুক্তি পাব। তানিষ্ক বাগচীয়ে সুৰ কৰা ‘মানিকে মাগে হিথে’ৰ হিন্দী সংস্কৰণত কণ্ঠ নিগৰাইছে ইয়োহানিয়ে।