NORTHEAST NOW (Assamese)
দেশ

আৱাদি এয়াৰফৰ্চ বেচত চাঞ্চল্য: নিজ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা সদ্য নিযুক্তিপ্ৰাপ্ত বায়ুসেনা কৰ্মচাৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2022 5:26 pm
Airman suicide

চেন্নাইৰ আৱাদি এয়াৰফৰ্চ বেচত এগৰাকী ২২ বৰ্ষীয় এয়াৰমেনৰ আত্মহত্যাই আজি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ চাৰ্ভিচ পিষ্টলেৰেই কৰ্মচাৰীগৰাকীয়ে এয়াৰফৰ্চ বেচৰ ভিতৰতে নিজকে গুলীয়াই আত্মহত্যা কৰে।

আজি পুৱা প্ৰায় ৪ বজাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। নিহত এয়াৰমেন গৰাকীক নীৰৱ চৌহান বুলি চিনাক্ত কৰিছে আৱাদি এয়াৰফৰ্চ বেচৰ বিষয়াসকলে।

নিহত নীৰৱৰ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা নাই বুলি বিষয়াসকলে জানিবলৈ দিছে। উল্লেখ্য যে যোৱা ২১ আগষ্টত প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত নীৰৱে আবাদী বায়ু সেনা ঘাটিত নিযুক্তি লাভ কৰিছিল।

বিষয়াসকলে উল্লেখ কৰা মতে বুধবাৰে নিশা নীৰৱ চৌহানক প্ৰৱেশ দ্বাৰৰ ওচৰত গাৰ্ড ডিউটিত নিযুক্তি দিয়া হৈছিল। পুৱা প্ৰায় ৪ বজাত কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰেই গুলীয়াই আত্মহত্যা কৰে।

বায়ু সেনাৰ কৰ্মীসকলে নীৰৱক কাষৰে এখন চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰে। ইতিমধ্যে নীৰৱৰ আত্মহত্যাৰ কাৰণ উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে বুলি বিভাগীয় বিষয়াসকলে জানিবলৈ দিছে।