NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক মুহূৰ্তৰ সাক্ষী প্ৰধানমন্ত্ৰী মোদী! সাত দশকৰ পিছত ভাৰতলৈ উভতিল চিতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2022 1:09 pm

PM Modi releases first batch of cheetahs প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা অনা আঠটা চিতা বাঘ মুকলি কৰে। আঠটা চিতা বাঘৰ ভিতৰত পাঁচটি মাইকী চিতা। সিহঁতৰ বয়স ২ ৰ পৰা ৫ বছৰৰ ভিতৰত। আনহাতে তিনিটা মতাৰ বয়স ৪ৰ পৰা ৫ বছৰৰ ভিতৰত।

উল্লেখ্য যে কুনো ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ এলেকাজুৰি ঘাঁহনি আৰু সৰু টিলা আছে। এইটো চিতাৰ বাবে আদৰ্শ স্থান। সিহঁতক ২৪ ঘণ্টাই নিৰীক্ষণ কৰিবলৈ এটা দল থাকিব।

দৰাচলতে, চিতা বাঘ ১৯৫২ চনত ভাৰতৰ পৰা বিলুপ্ত হৈছিল। ৭০ বছৰৰ পিছত চিতা বাঘ পুনৰ এবাৰ ভাৰতৰ মাটিত খোজ দিছে। চিতা বাঘকেইটাক কুনো ৰাষ্ট্ৰীয় উদ্যানত ৰখাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। ভাৰত চৰকাৰৰ ‘প্ৰজেক্ট চিতা’ৰ অধীনত দেশলৈ নতুন চিতা আহিছে। পৰৱৰ্তী পাঁচ বছৰত দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা পৰ্যায়ক্ৰমে ৫০ টা চিতা ভাৰতলৈ অনা হ’ব।

যোৱা ২০ জুলাইত ভাৰত আৰু নাম্বিয়াই চিতা বাঘ অনাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল। বিশেষজ্ঞসকলৰ মতে ১৯৪০ চনলৈকে মধ্য ভাৰতত চিতা দেখা গৈছিল। পৰৱৰ্তী সময়ত ব্যাপক চিকাৰৰ বলি হৈ ই ভাৰতৰ পৰা নাইকিয়া হয়।

১৯৫২ চনত দেশখনত চিতা বিলুপ্ত বুলি ঘোষণা কৰা হৈছিল। ছত্তীশগড়ৰ সুৰগুজা ৰাজ্যৰ ৰজা মহাৰাজ ৰামানুজ প্ৰতাপ সিং দেওৱে দেশৰ শেষৰ কেইটামান চিতা হত্যা কৰিছিল বুলি কোৱা হয়। ৭০ বছৰৰ পিছত এই চিতা বাঘ মধ্য প্ৰদেশত আহি উপস্থিত হ’ল।