NORTHEAST NOW (Assamese)
অসম

মোডীৰ জন্মদিনৰ দিনাই চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল গুজৰাট; স্তব্ধ চৰকাৰী কামকাজ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2022 7:33 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনটোতে তেওঁৰ গৃহ ৰাজ্য গুজৰাটৰ বিভিন্ন চৰকাৰী বিভাগ আৰু বিদ্যালয়ত প্ৰায় স্থবিৰ হৈ পৰিল। হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে পুৰণি পেঞ্চন আঁচনিৰ দাবীত গণ ছুটী লৈছে। চৰকাৰী কৰ্মচাৰীৰ জিলা পৰ্যায়ৰ সংগঠনসমূহে শনিবাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল।

তেওঁলোকে দাবী কৰিছিল যে ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন আঁচনি ৰূপায়ণৰ মূল দাবী গ্ৰহণ কৰা নাই। অৱশ্যে ৰাজ্যিক পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী সংগঠনবোৰে কয় যে চৰকাৰে তেওঁলোকৰ বেছিভাগ দাবী মানি লৈছে।

লগতে পঢ়ক: গুৱাহাটী আই আই টি- ত চাঞ্চল্য: হোষ্টেলৰ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

পুৰণি পেঞ্চন আঁচনিৰ দাবীত শিক্ষক আৰু পঞ্চায়ত স্বাস্থ্য কৰ্মী সংগঠনসমূহে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে। শনিবাৰে কেৱল ভাৱনগৰ জিলাত ৭হাজাৰ শিক্ষকে ছুটি লৈছিল। গান্ধীনগৰৰ পুৰণি সচিবালয় চৌহদত বহু চৰকাৰী কৰ্মচাৰীয়ে এটা শোভাযাত্ৰা উলিয়ায়। কচ্ছত প্ৰায় ৮ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কামত যোগদান কৰা নাছিল।তেওঁলোকৰ বেছিভাগেই আছিল শিক্ষক।

এগৰাকী প্ৰতিবাদকাৰীয়ে কয়,”আমাৰ নেতাসকলে কৈছে যে সকলো দাবী পূৰণ কৰা হৈছে। কিন্তু পুৰণি পেঞ্চন আঁচনিৰ দাবীসমূহ এতিয়াও পূৰণ কৰা হোৱা নাই। আমাৰ বহুতে ২০০৫ চনৰ পৰা কামত যোগদান কৰিছে। তেওঁলোকৰ কি হ’ব?”

উল্লেখ্য যে শুকুৰবাৰে গুজৰাট চৰকাৰে ঘোষণা কৰে যে ২০০৫ চনত কামত যোগদান কৰা কেৱল চৰকাৰী কৰ্মচাৰীয়েহে পেঞ্চন আৰু ভৱিষ্য নিধিৰ সুবিধা লাভ কৰিব। সৌৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংযুক্ত মৰ্চাৰ আহ্বায়ক মহেশ মোৰিয়ে কয়, “আমাৰ মুখ্য দাবী আছিল পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰা। কিন্তু এই দাবী পূৰণ কৰা হোৱা নাছিল। চৰকাৰৰ সিদ্ধান্তৰ দ্বাৰা বহুতো কৰ্মচাৰী প্ৰভাৱিত হ’ব। সেইকাৰণে আমি আজি গণ ছুটীত যোৱাৰ সিদ্ধান্ত লৈছো।”

লগতে পঢ়ক: ভিছা নিয়ম উলংঘা: বিশ্বনাথত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৭ গৰাকী বাংলাদেশী নাগৰিকক

অৱশ্যে গুজৰাটৰ সংযুক্ত কৰ্মচাৰী মৰ্চা আৰু ৰাষ্ট্ৰীয় সংযুক্তা মৰ্চাই এই প্ৰতিবাদ সমৰ্থন কৰা নাই। তেওঁলোকৰ মতে শুকুৰবাৰে পাঁচজন মন্ত্ৰীৰ সৈতে চৰকাৰী কৰ্মচাৰীৰ বিভিন্ন দাবীৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত হয়। পুৰণি পেঞ্চন আঁচনিৰ দাবীৰ বাহিৰে সংগঠনটোৰ বেছিভাগ দাবী চৰকাৰে গ্ৰহণ কৰিছে। সকলো দিশ মনত ৰাখি এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন কৰা হোৱা নাই।